লাগিব। এই ছোৱালীৰে নাম সুৰ্য্যাৱতী, আৰু এওঁকে মহাসমাৰোহেৰে
পিছত শঙ্কৰদেৱলৈ বিবাহ কৰোৱা হৈছিল। শঙ্কৰদেৱে
গৃহস্থাশ্ৰম ধৰ্ম্ম অতি সুন্দৰকৈ আচৰণ কৰি এজন আৰ্হি গৃহস্থ
হৈছিল। [১] সূৰ্য্যাৱতীৰ গৰ্ভত শঙ্কৰৰ মনু নামে এক কন্যাৰ
জন্ম হয়। সেই কন্যা তেওঁ হৰি নামে কায়স্থ এজনলৈ বিয়া
দিছিল। ইয়াৰ পিছত তেওঁৰ স্ত্ৰীৰ মৃত্যু হয়। শঙ্কৰৰ বিয়াৰ
পিছতে কুসুম্বৰ ঢুকায়। পিতৃ আৰু স্ত্ৰীৰ মৃত্যুৰ পিছত শঙ্কৰৰ
মনত বৈৰাগ্য উপস্থিত হৈ জীয়েক জোৱায়েকক ভায়েক বনগয়াঁ
গিৰীৰ তত্ত্বাৱধানত থৈ পিতৃ মাতৃ আৰু স্ত্ৰীৰ অস্থিলৈ তেওঁ তীৰ্থ
কৰিবলৈ গল। তীৰ্থলৈ যাওঁতে তেওঁৰ লগত ৰামৰাম গুৰু, মহেন্দ্ৰ
কন্দলিকে আদি কৰি ১৭ জন লগৰীয়া যাত্ৰী গৈছিল। তীৰ্থ লৈ
তেওঁলোক খোজ-কাঢ়ি গৈছিল। প্ৰথমতে শঙ্কৰে গঙ্গাঙ্গান কৰি
পিতৃ মাতৃ আৰু পত্নীৰ অস্থি গঙ্গাত লগালে; তাৰ পিছত গয়ালৈ
গৈ তেওঁলোকৰ পিণ্ড দিলে। গঙ্গাত ৯ দিন, গয়াত তিনি ৰাতি
থাকি তাৰপৰা দহ দিনে আকেী গঙ্গালৈ আহি, একৈশ দিনে গৈ
- ↑
ইষ্টগণ সঙ্গে, এক কাল ৰঙ্গে , মনত মহা উৎসাহ।
ৰূপে বিতোপোন কন্যা একখানি কৰিল তেহোঁ বিবাহ॥
গৃহাশ্ৰমে থাকি ধৰ্ম্ম আচৰন্ত শাস্ত্ৰক যেন বিহিত।
স্নান তৰ্পণ সন্ধ্যা বন্দন আচৰন্ত কৰ্ম্ম নিত॥
দুখী দৰিদ্ৰক,, প্ৰাৰ্থক জনক অন্ন বস্ত্ৰ দেন্ত মাতি।
ইষ্ট বান্ধৱক, জ্ঞাতি মিত্ৰক পোষন্ত পালন্ত জাতি॥
দাসী দাস যত সবাকে যতত মাতন্ত মধুৰ বাণী।
হেন নাহিকয় তাহান বাকাত দুখ পাৱৈ কোনো প্ৰাণী॥
আন লোক যত সবাকে ৰঞ্জন্ত, যাক যথোচিতভাৱে।
সদয় হৃদয় যেন জলময় কৃপালু গুণ স্বভাৱে। দৈতাৰি।