পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
দ্বিতীয় আধ্যা

ধ্যান, ধাৰণা, সমাধি, আসন, প্ৰাণায়াম আদি যত।
বিষয়ত ৰতি ত্যজিয়া সম্প্ৰতি আচৰা মাত্ৰ সতত॥
শৰীৰৰ ছয় চক্ৰক ছিণ্ডন্ত মনত কৰি নিয়ম৷
পাছে ভাগৱত শাস্ত্ৰক পাইলন্ত সবাতো কৰি উত্তম॥
ভাগৱত তত্ত্ব জনিয়া পাছত এৰিলা যোগ অভ্যাস।’

 শঙ্কৰদেৱ দেখিবলৈ সুপুৰুষ আছিল, আৰু তেওঁৰ গাৰ বৰণ কেচা-সোণৰ বৰণ যেন আছিল। দৈত্যাৰি ঠাকুৰে লেখিছে , —

“দেখিতে সুন্দৰ গৌৰবৰ্ণ কলেৱৰ।
কৰন্ত প্ৰকাশ অতি সূৰ্য্য সমসৰ॥
ৰূপ দেখি কন্দৰ্পৰো দৰ্প হোৱে ছন্ন।
সৰ্ব্বজন ৰঞ্জি থাকে মধুৰ বচন॥
গমন গম্ভীৰ, নেত্ৰ কমলৰ পাসি।
চন্দ্ৰসম বদন প্ৰকাশে অল্প হাসি॥
সুবোধ সুথিৰ ধীৰ গম্ভীৰ সাগৰ।
প্ৰীতি বাঢ়ি যায় তান্ত সমস্ত লোকৰ॥”

মাধৱদেৱে লেখিছে ,—


‘দৰশিতে সুন্দৰ গৌৰ কলেৱৰ, যৈচন সুৰপৰকাশ।
সকলো সভাসদৰঞ্জন যাকেৰি দৰশনে পাপ বিনাশ॥
বিনা অঙ্গভূষণ দেখিতে সুশোভন, গহীন গম্ভীৰ ধীৰ মতি।
আয়ত কমল-নয়ন বৰ সুন্দ বয়ন চান্দকহো জ্যোতি॥
লীলা গজগতি গমন বিলোকন, বাণী মেঘ-গম্ভীৰ।
পাষণ্ডমৰ্দ্দন কলিক কালে যাক সম নাহি ধীৰ॥”