পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২১
ষোড়শ আধ্যা


বিহ্বলতাত বাতুলতাৰ আধিক্য, সেইবাবে তেওঁৰ লগে লগে সেই ধৰ্ম্মবিহ্বলতাৰ শাহ গৈ তেওঁৰ পিছত তাৰ বাহটো মাথোন ৰ'ল, সেইদেখি চৈত্যন্য প্ৰচাৰিত ধৰ্ম্মৰ আজি এনে দুৰ্গতি দুৰদৰ্শী জ্ঞানী শঙ্কৰদেৱে তেওঁৰ জীবদ্দশাতে চৈতন্যৰ ধৰ্ম্মৰ এই দোষ (defect) ভালকৈ বুজিব পাৰিছিল, সেইদেখি তাৰ প্ৰতি অলপো তেওঁ আকৃষ্ট নহৈছিল। শঙ্কৰদেৱে নিজ কীৰ্ত্তন দশম আদি অলেখ ধৰ্ম্মশাস্ত্ৰ ৰচনা কৰি তেওঁৰ ধৰ্ম্মৰ সুন্দৰ সুদৃঢ় আকৃতি গঠন কৰি দি গল৷ চৈতন্যদেৱে তেওঁৰ প্ৰচাৰিত ধৰ্ম্ম বিবৃত কৰি এখন পুথি লেখা নাছিল যি তেওঁৰ ধৰ্ম্মমত সুদৃঢ় কৰি ৰাখে। তেওঁৰ পিছত তেওঁৰ শিষ্য সকলে হে তেওঁৰ ধৰ্ম্ম ব্যাখ্যা কৰিছে। নিজে নিজৰ মত আৰু বিশ্বাসৰ কথা লেখা এক, লোকে লেখা এক। চৈতন্যই তেওঁৰ জীৱনত মাথোন এখন গ্ৰন্থ ৰচনা কৰিছিল, সিও তেওঁৰ জাৱনৰ আগ ছোৱাত অৰ্থাৎ নিমাই অধ্যাপক অবস্থাত, আৰু, সিও গীতাৰ টাকা, আৰু সংস্কৃতত। শঙ্কৰদেৱে ভূৰি ভূৰি অমূল্য গ্ৰন্থ ৰচনা কৰি অসমক ওখ পৰ ধৰ্ম্ম দিলে, অতুল সাহিত্য দিলে, নিৰ্ম্মল চৰিত্ৰ দিলে, সাধু আচাৰ ব্যৱহাৰ দিলে; অসমীয়াক গীত দিলে, বাজনা দিলে, নাট দিলে, ভাৱনা দিলে, মহৎ আদৰ্শ দিলে; মুঠতে অসমক সকলোপিনে ধনী কৰিলে। এইজন পুৰুষে আসামক যি দিলে তাৰ ধাৰ আসামে কেতিয়াও শুজিব নোৱাৰে। এইজন পুৰুষে অসমীয়াক যি দি গল, ঘি উপকাৰ কৰি গল, তাৰ তুলনা পৃথিবাৰ কোনো দেশতে নাই। এইজন পুৰুষক অসমীয়াই মহা পুৰুষ বুলি এক ধনিষ্টামানো অতিৰঙ্গন কৰা নাই। ভাই অসমীয়! তুমি মহাপুৰুষ শঙ্কৰদেৱক পাই ধন্য হৈছা। তোমাৰ অনেক কালৰ