পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২০
শঙ্কৰদেৱ৷

আছিল; পিছত ভকতজনৰ হৈ আনে অনেক কাকূতি মিনতি কৰি ক্ষমা প্ৰাৰ্থনা কৰিলত হে শঙ্কৰে তেওঁৰ দোষ ক্ষমা কৰিছিল। এনেকুৱা অনেক উদাহৰণ আছে।। শঙ্কৰদেৱৰ ধৰ্ম্মৰ এনেবোৰ কটকটীয়া বান্ধ, আৰু সি সুগঠিত দেখি মহাপুৰুষীয়া ধৰ্ম্ম আজি লৈকে আসামত সতেজ সবল হৈ আছে, তাৰ কোনো বিশেষ অৱনতি ঘটা নাই। চৈতন্যৰ ধৰ্ম্ম প্ৰচাৰৰ প্ৰণালীত সত্ৰ সভা পাতি সদাচাৰৰ কটকটীয়া নিয়ম প্ৰচলিত নাই দেখি তেওঁৰ পিছৰেপৰাই তাৰ লাহে লাহে অবনতি ঘটি সি ঘাইকৈ “নেড়া নেড়ীৰ দলৰ" আৰু জাত হেৰুৱা৷ "বোষ্টম” ইতৰ লোকৰ ধৰ্ম্ম হৈ পৰিল। চৈতন্য নিজৰ ভাবতে বিভোৰ; তেওঁ কল্পনাত কৃষ্ণাসঙ্গজনিত প্ৰেম- সুখৰ সোৱাদ লৈয়েই আৰু লোকৰ আৰু শিষ্যৰ মুখত কৃঞ্চনাম শুনিয়েই সময় কটাইছিল; ভবিষ্যতৰ চিন্তা অৰ্থাৎ ভৱিষ্যতত তেওঁৰ ধৰ্ম্ম আৰু সম্প্ৰদায় টি কবৰ চিন্তাই তেওঁৰ মন অধিকাৰ নকৰিছিল। সেইদেখি তেওঁ প্ৰচাৰ কৰা ধৰ্ম্মৰ এনে দুৰ্দ্দশা৷ ধৰ্ম্ম প্ৰচাৰক শঙ্কৰদেৱ "ৰিফৰ্মাৰ " (Reformer) ধৰ্ম্মসংস্কাৰক কিন্তু প্ৰেক্টি কেল ৰিফৰ্ম্মাৰ’Practical reformer অৰ্থাৎ দেশ কাল পাত্ৰ আৰু ভবিষ্যত ভাবি চলা ধৰ্ম্মসংস্কাৰক৷ ধৰ্ম্ম প্ৰচাৰক চৈতন্যদেৱ “ৰিফৰ্ম্মকৰ” কিন্তু ‘অনপ্ৰেকটিকেল” তথাৎ ওপৰত কোৱাটোৰ ওলোটো; আক ঘাইকৈ তেওঁ "ড্ৰিমৰ” (dreamer) অৰ্থাৎ ভাবাবেশৰপৰা হোৱ সপোনত কাল কটোৱা লোক আছিল। উন্মাদ বাতুল নিজেহে উন্মাদ বাতুল হয়, তেওঁ লোকক উন্মাদ বাতুল কৰিব নোৱাৰে; আৰু কৰিলেও লোকৰ সেই বাতুলতা চিৰস্থায়ী নহয়। কৃষ্ণপ্ৰেমত উন্মাদ বাতুল চৈতন্যদেৱৰ ধৰ্ম্ম