পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৮
শঙ্কৰদেৱ।

নাম অশ্ৰুধাৰা বয়॥ প্ৰাণ কৃষ্ণ বুলি ধৰি। দৈবে কেহ ডাকে। ধেয়ে গিয়ে আলিঙ্গন কৰে৷ তাহাকে॥” চণ্ডীদাসৰ কবিতাত আছে,—ৰাধাই “পুছয়ে কানুব কথা ছল ছল আঁখি। কোথায় দেখিল শ্যাম কহ দেখি সখি।” চৈতন্য ভগৱতত আছে,— চৈতন্যহও “গদাধৰে দেখি প্ৰভু কৰয় জিজ্ঞাস। কোথা হৰি আছেন শ্যামল পীতবাস॥” চণ্ডীদাসে লেখিছে, মাটিত ৰাধাই নগেৰে কৃষ্ণ নাম লেখি সুখী হৈছিল—‘ভৰমে তোমাৰ নাম ক্ষিতি তলে লিখি॥” “চৈতন্য-ভাগৱতত ” আছে—চৈতন্যই “ক্ষণে পৃথিবীতে লেখে ত্ৰিভঙ্গ আকৃতি। চাহিয়া ৰোদন কৰে ভাসে সব ক্ষিতি॥”

 শ্ৰীমদ্ভাগৱতত আছে, গোপীসকলে ৰাসক্ৰীড়াৰ মাজতে কৃষ্ণক হেৰুৱাহ কৃষ্ণ বিৰহত কাতৰ হৈ কৃষ্ণক বিচাৰি বিচাৰি নেপাই কৃষ্ণলীলাৰ অভিনয় কৰিছিল, —‘পুতনাৰ বেশে কতোজনী দেয় স্তন। কতো হুয়া কৃষ্ণশিও শোধয় জীৱন॥ কতো গোপী থাকে যেন শকত আকাৰে। কৃষ্ণ হুয়া ওভতাৱে চৰণ-প্ৰহাৰে॥ কতো গোপী বসে শিশুকৃষ্ণ ৰূপ ধৰি॥ তৃণাৱৰ্ত্ত হুয়া কতো গোপী নেয় হৰি॥ কৃষ্ণ হুয়া কেহোজনী ফুৰে আঠু কাঢি। কঙ্কালত বাঘৰ ঘুঙুৰা কৰে সাৰি॥” ইত্যাদি। ( শঙ্কৰদেৱ প্ৰণীত কীৰ্ত্তন )। কিন্তু কৃঞ্চবিৰহত কাতৰ ৰাধিকাৰ ভাবাপন্ন চৈতন্যদেৱে ঘাইকৈ বিদ্যাপতি, চণ্ডীদাস, আদি কৱিসকলৰ বৰ্ণিত ৰাধিকাৰ অভিনয় হে কৰিছিল, শ্ৰীমদ্ভাগৱতৰ গোপীপকলে কৰা কৃঞ্চৰ অভিনয় সিমান নহয়। শ্ৰীমদ্ভাগৱতত ৰাধিকাৰ নাম একেবাৰেই নাই॥ তাত কৃষ্ণৰ এজন