পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২০৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০২
শঙ্কৰদেৱ।

 (১) “ৰাধা কৃষ্ণ প্ৰণয় বিকৃতিৰ্হ্লাদিনী শক্তিৰস্বমাদেকাত্মা- নাবপি ডুবি পুৰা দেহভেদং গতৌ তৌ। চৈতন্যাখং প্ৰকটমধুনা তদ্বয়ং চৈক্যমাপ্তং। ৰাধাভাবদ্যুতি সুবলিতং নৌমি কৃষ্ণ স্বৰূপং॥” (২) “শ্ৰীৰাধায়াঃ প্ৰণয়মহিমা কীদৃশোবানয়ৈবাস্বাদ্যো যেনদ্ভুতমধুৰিমা কীদৃশো বা মদীযা। সৌখ্যং চাস্যা মদনুভবতঃ কীদৃশং বেতি লোভাত্তদ্ভাবাচ্য সমজনি শচীগৰ্ভসিন্ধৌ হৰীন্দুঃ॥” — শ্ৰৰূপগোস্বামী।

 (১) অৰ্থাৎ শ্ৰীমতী ৰাধিকাই কৃষ্ণপ্ৰেমৰ বিলাসৰূপিণী হ্লাদিনী শক্তি, সেইদেখি ৰাধ কৃষ্ণ একাত্মা হৈও অনাদিকালৰপৰা বিলাস বাসনা কৰি সুগতত দেহভেদ স্বীকাৰ কৰিছিল।৷ সম্প্ৰতি দুয়ো একত্ব প্ৰাপ্ত হৈ চৈতন্যৰূপে আবিভুত হৈছে। এইবাৰে ৰাধাভাব আৰু ৰাধাকান্তিবিশিষ্ট কৃষ্ণস্বৰূপ কৃষ্ণ চৈতন্যদৱক নমস্কাৰ কৰোঁ।

 ২) অৰ্থাৎ শ্ৰীমতী ৰাধিকাৰ প্ৰেমমহিমা কেনেকুৱা, শ্ৰীমতীযে প্ৰেমেৰে সৈতে যি আস্বাদন কৰে মোৰ সেই বিচিত্ৰ মধুৰিমাই বা কেনেকুৱা, আৰু মোৰ অনুভৱৰপৰা শ্ৰীমতীয়ে যি আনন্দ লাভ কৰে সেই আনন্দই বা কেনেকুৱা, এই তিনটি বিষয় লোভৰ বশবৰ্ত্তী হৈ শচীগৰ্ভৰূপ সমুদ্ৰত ৰাধাভাবযুক্ত হৈ কৃষ্ণৰূপ চন্দ্ৰ আবিৰ্ভাব হল।

 কৃষ্ণমুখ স্বাদে প্ৰেম নাম সঙ্কীৰ্ত্তন॥ “নিজভাবে কৰে কৃঞ্চমুখ আস্বাদনে॥” “আপনা আস্থাদিতে কৃষ্ণ কবেন যতন॥” “ৰাধাকৃষ্ণ এক আত্মা দুই দেই ধৰি। অন্যোন্যে বিলসয়ে ৰস আস্বাদন কৰি॥ সেই দুই এক এবে চৈতন্য গোসই। ৰস আস্বাদিত দোহে হৈল এক ঠাই॥”—চৈতন্য চৰিতামৃত।