হৰি ভকতি॥’’ “কলিৰ ধৰ্ম্ম হৰিনাম জান। পাপীৰ নিন্দাত।
নিদিবা কাণ॥” “নাম বিনে নাহি কলিত গতি। কলিৰ লোক
হৈব পাপমতি। অন্যত্ৰ ধৰ্ম্মে নাহি অধিকাৰ। জানিবা কলিত
নামেসে সাৰ॥” “মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ। এতেকে
মুকুতি পাইবা কহিলোঁ স্বৰূপ॥’’ চৈতন্যদেৱেও বৃহন্নৰাদীয়
পুৰাণে কোৱা “হৰেনাম হৰেনাম হৰেনামৈব কেবলং। কলৌ
নাস্ত্যেব নাস্ত্যেব নাস্ত্যেব গতিৰন্যথা।’’ এই কথাকে প্ৰচাৰ
কৰিছিল।। চৈতন্যদেৱে শ্ৰীমদ্ভাগবতোক্ত “শ্ৰৱণং কীত্তনং বিষ্ণোঃ
স্মৰণং পাদসেবনম্। অৰ্চ্চনং বন্দনং দাস্যং সধ্যমাত্মনিবেদনম্।
ইতি পুংসাৰ্পিতা৷ বিষ্ণৌ শক্তিশ্চেন্নবলক্ষণা। ক্ৰিয়তে ভগবত্যদ্ধা।
তন্মন্যেহধীতমুত্তমম্; ” এই ন বিধ উক্তি বৈষ্ণৱৰ সাৰ কাৰ্য্য বুলি
প্ৰচাৰ কৰিছিল। শঙ্কৰদেৱে ও —“শ্ৰৱণ, কীৰ্ত্তন, স্মৰণ, বিষ্ণুৰ
অচ্চন. পদসেৱন। দাস্ত, সখিৰ, বন্ধন, বিষ্ণুত কৰিব দেহ৷
অৰ্চ্চন॥ নৱ বিধ ভক্তি বিষ্ণুত আচৰে সোহসে পাঠ উত্তম’’।
এই ন বিধ ভক্তি বৈষ্ণৱৰ সাৰ কাম বুলি প্ৰচাৰ কৰিছিল।
দিনে ৰাতিয়ে শঙ্কৰদেৱে সত্ৰ সভা পাতি ভকতসকলেৰে সৈতে
হৰিনাম শ্ৰবণ কীৰ্ত্তন কৰি থকাটো আৰু হৰিমন্দিৰ মাৰ্জ্জন
আদি কাৰ্যা কৰাটো জীৱনৰ প্ৰধান কাম বুলি ভাবিছিল। চৈতন্য
দেৱেও ‘যুগ ধৰ্ম্ম প্ৰবৰ্ত্তাইমু নাম সংকীৰ্ত্তন। চাৰি ভাব ভক্তি
দিয়া নাচাইমু ভুবন॥” কৈ দিনে-ৰাতিয়ে সংকীৰ্ত্তনত মতলীয়া
হৈ নাচি সঙ্কীৰ্ত্তন কৰি ফুৰিছিল— অৱশ্যে সত্ৰ সভা পাতি নহয় -
আৰু পুৰীত গুণ্ডিচা মন্দিৰ মাৰ্জ্জন কৰিছিল। “আৰ দিন
প্ৰভাতে প্ৰভু লইয়া নিজগুণ। শ্ৰীহন্তে সভাৰে অঙ্গে লেপল
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২০০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৮
শঙ্কৰদেৱ।