পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯০
শঙ্কৰদেৱ ।


বলোৰামে উত্তৰ দিছে,—"পূব দেশৰ বৈৰাগী ৰাম বুলি কাঢ়িছে ৰাও। হৃদয় মাজে ঈশ্বৰ কৃষ্ণ আপুনি বিচাৰি চাও॥’ এই দৰে ফকৰা শেষ হলত গুৰুঈশ্বৰ চৈতন্যদেৱৰ মন্দিৰত প্ৰবেশ হৈছে। আসন দি সম্ভাষণ কৰি সিদ্ধ অন্ন সমুখত দিছেহি। শঙ্কৰদেৱে পকান্ন দেখি কেচা হওক বুনি। কোৱাত সমস্ত অন্ন ব্যঞ্জন কেচা হৈছে। গৌৰাঙ্গ প্ৰভুৰে দেখি শঙ্কৰদেৱক ঈশ্বৰ-শক্তি বুলি প্ৰশংসা কৰি অতি সমাদৰে বিদায় দিছে।” ওপৰত দিয়া এই কথা আমি পিতৃদেৱতাৰ মুখেও শুনিছিলোঁ॥ এই কথাৰপৰা শঙ্কৰদেৱ আক চৈতন্যদেৱৰ ভিতৰত গুক শিষ্য বা বহুত দিনৰ আগৰে পৰা চিনাকী থকা এনে কোনো ভাবৰ আভাষ পোৱা নাযায়; বৰং দুইজন স্বাধীন ভাৱৰ ধৰ্ম্মপ্ৰচাৰক এনেটোহে বুজা যায়। দৈত্যাৰি ঠাকুৰে কৰা চৰিত্ৰ পুথিত আছে যে শঙ্কৰদেৱে দ্বিতীয় বাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁতে বাটত চৈতন্যৰ মঠ পাইছিল। শঙ্কৰ অহা শুনি চৈতন্যদেৱ মঠৰ ভিতৰৰপৰা ওলাই আহি শঙ্কৰৰ ফালে চাই থাকি তেওঁৰ চকুৰ লো বৈ গৈছিল; কিন্তু দুইৰো ভিতৰত কোনো কথা নহল, প্ৰভাতে উঠিয়া নিত্যে গমন কৰন্ত। কৃষ্ণচৈতন্ত্যৰ গৈয়া থানক পাইলন্ত॥ পথত চলন্তে শিক্ষা দিলন্ত লোকক। নকৰিব কেহেঁ৷ নমস্কাৰ চৈতন্যক॥ যিটোজনে নমস্কাৰ কৰে চৈতন্যক। উলটায়া তেঁহো প্ৰণামন্ত সিজনক॥ মনে নমস্কাৰ তাঙ্ক কৰিব৷ এতেকে। এহি বুলি শিখাইলন্ত লোক সমস্তকে॥ কৃষ্ণচৈতন্য আছা মঠৰ ভিতৰ। ব্ৰহ্মচাৰী কহিলন্ত অসিছা শঙ্কৰ॥ শঙ্কৰৰ নাম শুনি কৃষ্ণচৈতন্যৰ। মিলিল আনন্দ বাজ ভৈলন্ত মঠৰ॥ দুৱাৰ মুখত ৰহি আছিলন্ত