সাত দিন সাত ৰাতি ভাৱনা কৰে। এই ভাৱনাৰ নিমিত্তে
বৈকুণ্ঠ গোলোকধামৰ চিত্ৰপট শঙ্কৰদেৱে নিজ হাতে আঁকিছিল।
আসামত খোলৰ ব্যৱহাৰ নাছিল। শঙ্কৰদেৱে কপিলীনৈৰ
মুখৰ কুমাৰক মাতি আনি নমুনা দেখুৱাই প্ৰথমতে তাৰ হতুৱাই
খোল গঢ়ালে; শালমৰা গাৱঁৰ মুচীয়াৰ মাতি আনি খোলছিয়ালে; খোলৰ মিঠা মাত উলিয়াবৰ নিমিত্তে কৰ্কৰা ভাত
আৰু লোৰ গুৰিৰে তাৰ মুখত কেনেকৈ ঘুণ দিব লাগে
সেইটো দেখুৱাই দিলে; মন্দিৰা খুটিতাল, বৰতাল, ভোৰতাল
আদি বহুবিধ তাল প্ৰস্তুত কৰালে; সভাঘৰ সজাই সাত বৈকুণ্ঠৰ
সাতোটা থাক কৰি, অৰ্থাৎ “ষ্টেজ” কৰি, যাত্ৰাৰ কাৰ্য্য আৰম্ভ
কৰিলে; নিজে খোল লৈ বায়ন হৈ ভায়েক বনগঞা গিৰীক
গায়ন পাতি সৰ্ব্বজয় আৰু কমলিধৰা পৰমানন্দক নতুৱা পাতি
যাত্ৰা কৰিলে; সভা শোভা কৰিবৰ নিমিত্তে মতা, চক্ৰবান,
ফুলজালি প্ৰভৃতি নিয়মিত জোখত প্ৰস্তুত কৰালে; প্ৰথমে ন
ধেমালি তাৰ পিছত নট ধেমালি, ৰাগ-ধেমালি, সৰু-ধেমালি বৰ
ধেমালি আদি বাজনা ৰজাই শেহত ঘোষা–ধেমালি গাই
বজাই বাজনা শেষ কৰিলে। শঙ্কৰদেৱে নিজে বায়ুমণ্ডল ৰাগ
দিছিল।
এইবোৰৰপৰা ফটফটীয়াকৈ দেখিবলৈ পোৱা যায় যে শঙ্কৰদেৱৰ প্ৰতিভা কেনে সৰ্ব্বতোমুখী আছিল। মাধৱদেৱে যে “জয় গুৰু শঙ্কৰ সৰ্ব্ব গুণাকৰ” বুলি তেওঁক "গুণমালা” বৰ্ণনা কৰিছিল, সেইটো এক তিল মানো অতিৰঞ্জিত নহয়। এক শঙ্কৰদেৱেই আসামক কত ৰকমে ঐশ্বৰ্য্যশালী কৰি অলঙ্কত