পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮২ শঙ্কৰদেৱ । সৌজা বোলে) কাগাললৈ আহে। মি, গেইটে নৰনাৰায়ণৰ এই আক্ৰমণৰ তাৰিখ ১৪৬৮ শক (১৫৪৬ খৃষ্টাব্দ) বুলি তেওঁৰ বুৰঞ্জীত লেখিছে। শঙ্কৰদেৱৰ জন্মৰ শক ১৩৭১ হলে, এই সময়ত অর্থাৎ তেওঁ উনিৰ । আহোম-ৰাজ্য এৰি ভাটীৰ কোচ ৰাজ্যলৈ আহোতে তেওঁৰ বয়স ৮৭ বছৰ। ; আৰু অনিৰুদ্ধই দিয়া শক ১৩৮৫ সঁচা হলে ৮৩ বছৰ হয় । নৰনাৰায়ণে আহোম ৰাজা জাক্ৰমণৰ তাৰিখ ১৪৬৮ শক গুধ হলে, আক শঙ্কৰদেৱে সেই শকতে আহোম ৰাজ্য এৰি কোচ ৰাজ্যবৈ যোৱাটো নিতুল হলে, তেওঁ পাটবাউসীৰপৰা দ্বিতীয় বাৰ তীর্থভ্ৰমণ কৰিবলৈ যাওঁতে নদীয়াত বা পুৰীত (নদীখাত তো হবই নোৱাৰে, কাৰণ । চৈত তেওঁৰ জীৱনৰ শেষ ওঠৰ বছৰ পুৰীত নিগাজীকৈ আছিল। চৈত্যৰে সৈতে সাক্ষাৎ হোৱাটো অসম্ভৱ হয় , কাৰণ চৈতন্তাৰ মৃত্যু ১৪ ৫৫ শকত হৈছিল । অৱশ্যে মিষ্টৰ গেইটে দিয়া এই তাৰিখ ভুল ঘদি কব নোৱাৰে। কিন্তু এক পক্ষৰ তল নিশ্চয় । বৰদোৱাৰ পুথিত কিংবা শম্বৰদেৱৰ আন জীৱনীত, অথবা মহাপুৰুষীয়া সত্ৰত চৰিত্ৰ তোলোতে, নৰনাৰায়ণে আহোমৰ দেশ আক্ৰমণ কৰা বছৰতশঙ্কৰদেৱ আহোম ৰাজ্য এৰি ভাটীলৈ যোৱাৰ কথ নকয় । আহোম ৰজাৰ দৌৰাত্ম্যত বিৰক্ত হৈ, অ্যাক ঘাইকৈ জোৱায়েক হৰিক আহোমে কাটিলত শঙ্কৰদেৱে মনত যৎপৰোনাস্তি শোক পাই । আহোম-ৰাজ্য এৰিলে ; আৰু সম্ভৱতঃ নৰনাৰায়ণে আহোম-ৰাজ্য আক্ৰমণ কৰা । বছৰৰৰ আগেয়েই । শঙ্কৰদেৱে দ্বিতীয় বাৰ তীৰ্থ লৈ যাওঁতে চৈতনাক লগ । পাইছিল, এই কথা সকলে চৰিত্ৰ-পুথিত আছে, আৰু সৰ