পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্দশ আধা। শঙ্কৰদেৱে প্ৰথমবাৰ তীৰ্থ কৰি ঘৰলৈ উভতি আহি নামধৰ মণিকুট সজাই সত্ৰ পাতি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি কিছু দিন থকাৰ। পিছত ভাগৱত শাস্ত্ৰ । পাই তাৰ সাৰ উদ্ধাৰ কৰি কীৰ্ত্তন। পুথি ৰচনা কৰিলে। ইয়াৰ আগেয়ে ও তেওঁ নাম প্রসঙ্গ কীৰ্ত্তন। কৰিবৰ নিমিত্তে ভটিমাগীত তা{থ ৰচনা কৰিছিল। আৰু পদ্ম পূৰণ স্বৰ্গখণ্ডৰ সহঅনাম আদিৰ পন কৰিছিল , সেইবোৰো পিছত তেওঁ কাৰ্ত্তন পুথিৰ সতর্গত কৰিলে। কীৰ্ত্তনৰ অনেক বছৰৰ পিছত হে তেওঁ শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধৰ আগছোৱা ভাঙছিল । তেওঁ পাটবাউসীত থাকোতে হে দশম ৰচনা । কৰে অ্যাক সি তেওঁ দ্বিতীযবা তাৰ্থলৈ যোৱাৰ আগতে । সেইদেখি ১৫৩১ খষ্টাবৰ পৰা ৫৩৩ খৃষ্টাব্দৰ ভিতৰত দশম বচিত হৈছিল বুলি ধৰিব পাৰি। ভাগৱত পোৱাৰ আগেবেও যে তেও কিছুমান গীত পৰ। গুটিমা ৰচনা কৰিছিল সেইটে। এই কথাৰপৰা জানিব পাৰি যে, জগদীশ মিশ্ৰই তেওঁক 'ভাগৱত পাঠ কৰি শুনোৱাৰ আগেযে তেওঁ ব্ৰাহ্মণক, নিজে ৰচনা কৰকিছুমান গীত তাল ধৰি গাই শুনাইছিল বুলি বৰদোৱাৰ গুৰু চৰিত্ৰ পুথিত আছে । বৰদোৱাব গড়া ওকচৰিত্ৰ পুথিত আছে যে শঙ্কৰদেৱে ২৩ বছৰ বযসত প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল । ২৩ বছৰত তেওঁ তীৰ্থ লৈ যোৱাটো বৰ আগ বুলি আমি ভাবিছো; আৰু ভাবিবৰ কাৰণে আছে । শঙ্কৰদেৱে তেওঁৰ ১২ বছৰ বযুসত