পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম আধ্যা

ব্ৰাহ্মণ আৰু সাত ঘৰ কায়স্থ কমতা ৰাজ্যলৈ পঠায়। এই কায়স্থ সাত ঘৰৰ ভিতৰত লণ্ডাদেৱ আৰু চণ্ডীবৰো এঘৰ আছিল। এওঁলোকে কামৰূপ জিলাৰ বৰ নদীৰ ওচৰত থাকা লেঙ্গামাগুড়ি নামে গাৱঁত বাস স্থাপন কৰে। তেওঁলোকৰ কুল-পুৰোহিত কৃষ্ণ পণ্ডিতো এই ঠাইতে থাকে। চণ্ডীবৰ ইমান কাৰ্য্যক্ষম আছিল যে কমতেশ্বৰে দেৱান আৰু মন্ত্ৰণা কাৰ্য্যত মাজে-সময়ে তেওঁৰ সহায় লৈছিল। চণ্ডীবৰ বাৰভূঞাৰ শিৰোমণি ভূঞা হৈ শাসনকাৰ্য্য অতি সুন্দৰৰূপে চলাইছিল আৰু সেই অঞ্চলত ভোট আদি পৰ্ব্বতীয়া জাতিবিলাকৰ উপদ্ৰৱ বহু পৰিমাণে দমন কৰি শান্তি স্থাপন কৰিব পাৰিছিল। দুৰ্ল্লভনাৰায়ণে এবাৰ চণ্ডীবৰক ধৰাই নিয়াই ৰাজধানীৰ বন্দীশালত থয়। চৰিত্ৰ লেখকসকলে চণ্ডীবৰক বন্দীশালত থোৱাৰ কাৰণ দুটী নিৰ্দ্দেশ কৰিছে। প্ৰথম,—চণ্ডীবৰ লেঙ্গামাগুড়িত থাকি বৰ প্ৰতাপশালী হৈ পৰিল; তেওঁ ৰজাৰ আজ্ঞাকো লঙ্ঘন কৰি নিজৰ মতে শাসন কৰিছিল, নিয়মমতে কৰ নপঠাইছিল আৰু ৰজাৰ দূতক বন্দী কৰি থৈছিল। এইবিলাক কাৰণত খঙ্গ উঠি ৰজাই ফৌজ পঠাই চণ্ডীবৰক ধৰাই নি বন্দীশালত থোৱায়। আন কাৰণ, — যেতিয়া, চণ্ডীবৰ কমতাৰ ৰাজ্যলৈ আহে সেই সময়ত ধৰ্ম্মনাৰায়ণ ৰজাই তেওঁক এৰি নিদিছিল। চণ্ডীবৰে প্ৰতি বছৰে এবাৰ গৌড় ৰাজ্যলৈ যাব বুলি অঙ্গীকাৰ কৰি কমতা ৰাজালৈ আহে। সেই অঙ্গীকাৰ মতে চণ্ডীবৰ গৌড় ৰাজ্যলৈ প্ৰতি বছৰে এবাৰ গৈছিল। তাতে কমতাৰ ৰজাই চণ্ডীবৰক ঘনে ঘনে গৌড় ৰাজ্যলৈ যোৱা দেখি তেওঁৰ ৰাজ্য গৌড়ৰ ৰজাক দিয়াবৰ চক্ৰান্ত