পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

অষ্টম আধ্য।

 অনাদি পাতন।— এই পুথি শ্ৰীমদ্ভাগৱতৰ তৃতীয় স্কন্ধৰপৰা শঙ্কৰদেৱ সঙ্কলন কৰিছে শ্ৰীযুব শিৱনাথ ভট্টাচাৰ্য্যৰ দ্বাৰাই প্ৰকাশিত ‘অনাদি পাতন”ত লেখা আছে যে চতুৰ্থ স্বন্ধৰপৰা শঙ্কৰদেৱৰ এই ছোৱ কৰিছে। ছপা হোৱা পৃথিখনৰ গুৰিতে শঙ্কৰদেৱে পদতো আছে।—“শুনা সাৱধান মনে যত সভাসদ। চতুৰ্থ স্কন্ধব মহাভাগৱতপদ। যেন মতে ভৈল ইটো অনাদি পাতন৷ শুনিয়োক আছে যাৰ মুকুতিত মন শুকত পুছন্ত পৰীক্ষিত নৃপবৰ। শুনিলোঁ তৃতীয় স্কন্ধ তোমাৰ মুখৰ॥” আমাৰ মনেৰে ওপৰৰ পদত ‘চতুৰ্থ স্কন্ধৰ’ ঠাইত তৃতীয় স্কন্ধ আক ‘তৃতীয় স্কন্ধ”ৰ ঠাইত দ্বিতীয় স্কন্ধ হব। হাতে লেখা পুথি নকল কৰোঁতে লেখকে এই ভুল কৰিছিল, মাক সেই দৰেই ছপা হৈছে বোধ হয়। মূল ভাগৱতত তৃতীয় স্কন্ধত তে বিৰাট মূৰ্ত্তিসৃষ্টি ‘মন্বন্তৰাদি কাল পৰিমাণ “ব্ৰহ্ম সৃষ্টি বৰ্ণন” “সৃষ্টি প্ৰকৰণ’ ইত্যাদি বিষয় আছে। সি যিহওক, শঙ্কৰদেৱে ভাগৱতৰ কথাৰে সৈতে বামন-পুৰাণৰ কথা মিহলাই অনাদি পাতন ৰচনা কৰিছে বুলি কৈছে—মহা ভাগৱত গদ অমৃত সাক্ষাত। বামন-পুৰাণ কিছু মিশ্ৰ দিলোঁ তাত॥ শঙ্কৰদেৱে ভাগৱতৰ সৃষ্টি প্ৰকাৰাণাদি কথা বোৰৰপৰা বাছি বাছি সাৰ সংগ্ৰহ কৰি সংক্ষেপে এই পুথিখন এনেকৈ ৰচনা কৰিছে, ধে ইয়াক অনুবাদ নুবুলি সুকীয়া