পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰথম আধ্যা

তাতে কিছুদিন থাকি পলাই গলত, গৌৰেশ্বৰে জানিব পাৰি তেওঁক ধৰাই বন্দী কৰি আকৌ কমতেশ্বৰৰ ওচৰলৈ পঠিয়াই দিলে, আৰু কমতেশ্বৰে চণ্ডীবৰক সেই দোষত পোতাশালত বন্দী কৰি থৈ দিলে। কিছু কালৰ মূৰত কমতেশ্বৰৰ নগৰলৈ এজন পণ্ডিত বাদ কৰিবলৈ আহিলত, সেই পণ্ডিতেৰে সৈতে সমানে বাদ কৰিব পৰা কোনো পণ্ডিত ৰজাৰ ৰাজ্যত নথকাত, ৰজাই চণ্ডীবৰক বন্দীশালৰপৰা মোকোলাই আনি পণ্ডিতেৰ সৈতে বাদ কৰিবলৈ দিলত, চণ্ডীবৰে বাদত পণ্ডিতক হৰুৱালে। এই কাৰ্য্যত ৰজাই বৰ সন্তুষ্ট হৈ চণ্ডীবৰক আদৰ সন্মান কবি তেওঁৰ চণ্ডীবৰ নাম সলাই দেবীদাস নাম আৰু ধন-বস্তু মাটি-বাৰী দি শিৰোমণি ভূয়াঁ পাতি ৰাখিলে। তেওঁ লেঙামাগুৰিত কিছুদিন থাকি তাৰপৰা উজাই আহি টেম্বুৱানি বৰদোৱাত ঘৰবাৰী পাতি ৰলগৈ।[১] দ্বিতীয়ভাগ ‘জোনাকীত” (শঁক ১৮১১-১২) শঙ্কৰদেৱ প্ৰবন্ধত

এই বৃত্তান্ত এইদৰে লেখিছে :—

  1. লণ্ডাদেৱ নামে একজন আছিলন্ত।
    চণ্ডীবৰে ৰাজ সেৱা বিস্তৰ কৰিল।
    দেবিদাসে বসাইলন্ত টেম্বুৱানি বন্ধে।
    কৰা সেৱা দুৰ্ল্লভ নাৰাৰণ নৃপতিৰ।
    হেনয় পণ্ডিত দেৱীদাস আছিলন্ত।
    দানী মানী গুণৱন্ত শান্ত শুভনয়।
    সুৰ্য্যবৰ পুত্ৰ ভৈল কুসুম নামত।
    শঙ্কৰৰ বৰত পুত্ৰক লভিলন্ত।

       

    চণ্ডিবৰ নামে তান তনয় ভৈলন্ত॥
    দুৰ্ল্লভনাৰায়ণে দেবিদাস নাম দিল॥
    বৰদোৱা নামে গ্ৰাম পৰম প্ৰৱন্ধে॥
    দাতা ভোক্তা জ্ঞাতা বীৰ গহীন গম্ভীৰ॥
    ৰাজধৰ নাম তান তনয় ভৈলন্ত॥
    ভৈল তিনিজন জানা তাহান তনয়।
    তিনিয়ো পণ্ডিত গুণৱন্ত অনুপাম॥
    সেহি বেলা কুসুমৰ পুত্ৰ উপজিল॥—
    এতেকে শঙ্কৰৰ নাম থৈলন্ত॥ ”

    দৈত্যাৰি