পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৮
শঙ্কৰদেৱ।


ৰুক্মিণীক মেলাই যেবে নকৰোঁ উদ্ধাৰ। নপশিবোঁ কুণ্ডিনত মোৰ অঙ্গীকাৰ। ”

 ইয়াৰ কৃষ্ণৰ চোক৷ উত্তৰ শুনা, —হেন শুনি হৰি, হাসিয়া বোলন্ত, শুন অৰে ৰুক্মি চণ্ড। গুৰু গৌৰৱক, একো নমানস, তই ভৈলি যেন ষাণ্ড॥ পিতৃত মাতৃত তোৰ মান্য নাহ, কাহাকো নামান আউৰ। মুখ চাই চাই, কতেক ৰটস, ঠোট কঢা যেন কাউৰ॥ তোৰ নিন্দা বাণী আমাক নপাৱে; শুনা দুৰাচাৰ ৰাম॥ যতেক কুকৰে, কামোৰ মাৰয়, তথাপি আঠুৰ নাম॥ মোক গালি পাৰি. কোন যশ পাহাৰ, দেখ গুণি চাহ চিওএ মাতেসে আগল, যুদ্ধত পাগল, জানিলোঁ তোক হঙ্গিতে। যিটো মহাবীৰ, স্বভাৱে গম্ভীৰ, হতৰে লপলপাৱে। কৈত শুনি আছ শৃগালৰ ঠানে, সিংহে ঘনে ঘনে ৰাৱে॥"

 শঙ্কৰদেৱৰ লেখনীৰপৰা কেনে জলন্ত ভাৱে যুদ্ধ বৰ্ণনা ওলায় চোৱা তলত দখা ৰুক্মি আৰু কৃষ্ণৰ বুজৰ বৰ্ণনা পঢিলে, সেহ বুজ চকুৰ আগতে দেখি থকা যেন লাগে।— "এহি বুলি হৰি, শাৰঙ্গক ধৰি, বৰিষিলা শৰ আতি। ঢাকিল আকাশ সূৰ্য্যৰ প্ৰকাশ নাহি, যেন ভৈল ৰাতি॥ দেখিলা কুমৰে, মাধৱৰ শৰে, দিনতে ভৈল আন্ধাৰ॥ ক্ৰোধে ধনু ভিৰি, বায়ু বাণ যুৰি, কৰিলা বীৰে প্ৰহাৰ॥৷ মাধৱৰ বাণ, তুলা যেন ঠান, ডৰুৱা বাযু বাণে॥ সাৰথি ৰথক, ঘোৰাৰ ধ্বজক, বিন্ধিলেক বৰ টানে॥ —দেখিলা যমক, চাৰিও ঘোটক, দাৰুকো বিশ্ৰুতি ভৈলা। বজ্ৰ সম দাঁত, শৰ দশপাট, ধনুত চৰাইলা আনি। টানি কৰ্ণমানে, সুদৃঢ় সন্ধানে, প্ৰহাৰিলা চক্ৰপাণি॥ দশো শৰ ছুটি, শৰীৰত