পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১২
শঙ্কৰদেৱ ।


শিশুপাল। মোৰ মনে তেবেতো জীৱন ভৈল ভাল॥ তাহৰেসে মুখে মোক বিহাইবাক পাৱে। সিংহৰ ভাৰ্য্যাক যেন শৃগালেসে ধাৱে॥ (অৰ্থাৎ মোক বিয়া কৰোঁতা তাৰ মুখখন চাওঁ; সিংহৰ ভাৰ্য্যাক শিয়ালে নিবলৈ আহিছে!) চক্ৰক ধৰিবে খোজে শিশু হাত তুলি। অমৃতক বাঞ্ছে যেন চুকৰ ভেকুলি॥••••• সেই মতে আশা শিশুপাল নৃপতিৰ। তাৰ মুথে স্বামী হৈলে পাৱ ৰুক্মিণীৰ॥ ত্ৰৈলোক্যৰ নাথ মাধৱক এৰি যাই। কোনে শিশুপালক বৰিব চক্ষু খাই॥ সিংহ এৰি শৃগালক ভজে কোন প্ৰাণী। দুগ্ধ এৰি কোনজনে খায় খাৰপানী॥”

 ককায়েকক খঙত এনেকৈ গালি পৰা ৰুক্মিণীয়েও, যুদ্ধত যেতিয়া কৃষ্ণই ৰুক্মিক হৰুৱাই কাটিবলৈ দা ডাঙ্গি লৈছিল, তেতিয়া কেনেকৈ নিজৰ চকুৰ লোৰে গা তিয়াই ৰিহাৰ আঁচল পাতি ককায়েকৰ প্ৰাণ ভিক্ষা কৰি স্বৰ্গীয় ভ্ৰাতৃস্নেহ দেখুৱাই জগতক বিমোহিত কৰিছিল! সেই স্বৰ্গীয় দৃশ্যই প্ৰাণত শীতল শান্তি দান কৰোঁ— ‘আথেবেথে মাধৱৰ চৰণত ধৰি। অনেক কাতৰ কৰি মাতন্ত সুন্দৰী॥ ৰাখাঁ ৰাখাঁ প্ৰভু আৰ নলৈয়োক প্ৰাণ। অঞ্চল পাতিয়া আবে মাগোঁ ভ্ৰাতৃদান॥ তোমাৰ আগত ইটো যেন ক্ষুদ্ৰ মশ। ইহাক কাটিলে হৰি হৈবে কোন যশ॥ তোমাক বিৰোধ কৰি খাইলে নুই আখি॥ মৰিবাক লাগিয়া হাতীক যুজে মাখি॥ সিংহক জোঁকাৱে যেন ক্ষুদ্ৰ মৃগ হুই। দোষক চাহান্তে ৰাখিবাক যোগ্য নুই ॥ তথাপিতো মোক চান্তে কৰিয়োক ৰক্ষা। যত লাগে আনো মতে কৰিয়োক কক্ষা॥ যিহোক সিহোক মোৰ হৱে জ্যেষ্ঠ ভাই। ইহাক কাটন্তে কোন