পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১১
সপ্তম আধ্যা।


নিৰ্ব্বিঘিনিয়ে সিদ্ধি হব।—“আনে যেনে নজানয়, গোপা কৰি যাইবা গুৰু কথা যেন নোহয় প্ৰচাৰ।” বামুণে উত্তৰ দিলে “মোক শিকাইবাক নলাগয় ই কাৰ্য্যে, আপুনি মই ডাঠ।” দ্বাৰকালৈ গৈ কৃষ্ণক সাঁচাকৈয়ে তেওঁ ৰুক্মিণীয়ে কোৱা মতে সকলোঁ কথা কলে, আৰু ৰুক্মিণীয়ে কোৱা মতেই ‘কহিলন্ত বেদনিধি তাতো দশ গুণ।”

 ৰুক্মিণী ইমান বুদ্ধিমতী ছোৱালী, কিন্তু তথাপি বহুৎ দিনৰ। পিছত দ্বাৰকাত এদিন কৃষ্ণই তেওঁক ঠাট্টা কৰি ধেমালিতে একাষাৰ কথা কৈছিল, তাতে তেওঁ ভয়। আক বেজাৰত প্ৰাণৰো আশা পৰিত্যাগ কৰিছিল, —“ৰুক্মিণীক কৰিলন্ত প্ৰেমে পৰিহাস। উচুতে ভৈলন্ত দেৱী প্ৰাণতো নৈৰাশ॥” বুদ্ধিৰ প্ৰখৰতা থাকিলেও যে অনেকে সামান্যে ঠাট্টা ধেমালি বুজিব নোৱাৰে এয়েই তাৰ প্ৰমাণ।

 ৰুক্মিণী পাচো ভাইৰ অতি মৰমৰ ভনীয়েক, তথাপি ৰুক্মিয়ে কৃষ্ণৰে সৈতে তেওঁক বিয়া নিদি তেওঁৰ ঘৃণাৰ পাত্ৰ শিশুপালেৰে সৈতে বিয়া দিব থোজাত তেওঁৰ খং উঠি মনে মনে ককায়েকৰ আৰু শিশুপালৰ প্ৰতি unparliamentary ভাষা প্ৰয়োগ কৰা অৰ্থৎ গালি পৰাটোও স্বাভাবিক নহয় নে? —“ভাই নোহে সিটো পাপী পৰম চণ্ডাল। উপজি নমৰি কিয় আছে এত কাল॥ কোন সতে বঞ্চ মোৰ কৃষ্ণ হেন স্বামী। কিনো নিদাৰুণ তই ভৈলি অধোগামী॥......হেন মনোৰথ মোৰ কৰিলি বিফল। জ্যেষ্ঠ ভাই নোহ সাতশত্ৰুতো আগল! মোহোৰ কৰ্ম্মেসে উপজিলি ধূমকেতু। . ...তথাপি কৃষ্ণক চিন্তি এৰিবোঁহো প্ৰাণ। কদাচিতো মই স্বামী নবৰিবোঁ আন॥ মোক বিয়া কৰিবাক আইল