কৃষ্ণৰ হাতত নহয়, কাৰণ শাহু হৈ তেনে কৰাটো অলপ সঙ্কোচৰ
কাম আৰু হিন্দুৰ ঘৰত বোৱাৰীৰ গৰাকী শাহ হে; কিন্তু সুমালিনীয়ে
সেই সঙ্কোচ কৰিবৰ সকাম নাই; সেই দেখি সুমালিনীয়ে
জোৱাঁই কৃষ্ণকে সম্বোধন কৰি তেওঁৰ গাতত ৰুক্মিণীক সমৰ্পি
দিলে—"পাছে সুমালিনী ধাই মাধৱক বোলয় কৰি কাতৰ॥ কত
পুণ্যে পাইলে, তোমাকে সুস্বামী, ইহ পৰলোকে গতি। দিনে দশ
দোষ ক্ষমিবা আপুনি, ৰুক্মিণী যে শিশুমতি॥ কোলায়ে বোকায়ে
তুলিলোঁহো দুখে, সুখ দিয়াঁ মোৰ আই চৰণত ধৰোঁ কাতৰ
কৰোঁ, পালিবা তুমি গোসাঁই॥ মাধৱে এই কথা শুনি সন্তোষ পাই,
আৰু সুমালিনীৰো পেটৰ ঘাই কথা বুজি যি কৰা উচিত তাকে
কৰিলে, অৰ্থাৎ তাইক বঁটা দি সন্তুষ্ট কৰিলে, —“মাধৱে বোলন্ত,
শুনা সুমালিনী, বুলিবে মোক নালাগে। প্ৰাণতো অধিক, দেখোঁ
ৰুক্মিণীক, ভাৰ্য্যা পাইলোঁ কত ভাগে॥ এহি বুলি হৰি ধাইৰ মন
পূৰি, দিল বস্ত্ৰ অলঙ্কাৰ।” এইবোৰ বৰ্ণনা কেনে স্বাভাবিক!
ৰুক্মিণীৰ বিশ্বাসৰ পাত্ৰ আৰু মনৰ কথা জনা সুমালিনীয়ে শুনিলে যে ককায়েক ৰুক্মিয়ে শিশুপালক মতাই আনিছে, ৰুক্মিণীক বিয়া দিবলৈ বুলি। বাতৰিটো শুনিয়েই তাই লৰি আহি সেই খবৰ ৰুক্মিণীক দিলে —“হৰস-ফৰস কৰি কথা কহে তাই। আথান্তৰ কথা আবে নতু শুন আই॥ মাধৱ স্বামীক লাগি তই আশা এৰ। কৃষ্ণত নেদেয় বিহা ৰুক্মি যে ভায়েৰ॥ শিশুপাল নৃপতিক আনি আছে বৰ। স্বৰূপে কহিলোঁ আবে যেহি লাগে কৰ॥” এই নিৰ্ঘাত বচন শুনি ৰুক্মিণী “থিয়ৈয়ে শুইল কিছু নাহি বোল মাত॥ নাহি শ্ৰুতি জ্ঞান যেন ধাতু গৈল উৰি। অচেতন হুয়া