পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১০৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শঙ্কৰদেৱ।


নিমিত্তে মাকৰ কেনে চিন্তা কোনে ভাবনা তাৰ জলন্ত উদাহৰণ ইয়াতকৈ আক কিবা আছে নে? কেনে স্বাভাবিক বৰ্ণনা। মাকৰ সহজ জ্ঞানে (instinct এ ) তেওঁক কৈ দিলে, তেওঁ জানিলে —“জানিলোঁ কন্যাৰ লোভে গৈল গোবিন্দাই।” সেই জ্ঞানে তেওঁক আৰু কৈ দিলে যে সদা কৃষ্ণৰে সৈতে ৰজাবিলাকৰ বিবাদ, সে দেখি তেওঁলোকেৰে সৈতে কৃষ্ণৰে যুজ হাই লাগিবৰ সম্ভৱ; কিন্তু কৃষ্ণৰ বিক্ৰম যদিও তেওঁ জানে তথাপি কৃষ্ণ অকলসৰীয়া, আৰু ৰজা অনেক; সেই বাবে সৈন্য সামন্ত লৈ বলভদ্ৰ গণ সাত্যকি আদি যদুবীৰ সকল কৃষ্ণৰ সাহাযাৰ নিমিত্তে যোৱা উচিত। কোৱা বাহুল্য যে মাকৰ মনত যি ওলাইছিল, ঘটনা তেনেকুৱাই ঘাটছিল, আৰু যদুবীৰসকলক পঠিয়াই তেওঁ বৰ ভালকে কৰিছিল।

 বিয়নীয়েক শশীপ্ৰভাৰে সৈতে দৈৱকীৰ কেনে স্বভাৱতে সুন্দৰ আদৰৰ কথাবাৰ্ত্তা হৈছিল, ওপৰত আমি তাক দেখুৱাই আহিছোঁ।

 ৰুক্মিণীৰ ধাই সুমালিনী কেনে আমাৰ চিনাকী ধাই তাইৰ এই চাৰি আষাৰ কথা শুনিলেই সেইটো সামি বুজিব পাৰোঁ। ৰিয়াৰ পিচত শশীপ্ৰভা বিয়নীয়েকে দৈবকী বিয়নীয়েকৰপৰা যেনেকৈ বিদায় লব লাগে লগে, ধাই সুমালিনীয়েও সময় বুজি তেনে নকৰি থাকিব নে? সকলোৰে ঘৰত সকলো জীয়ৰী ছোৱালীক ধায়ে তেনে সময়ত তেনে কৰে, শঙ্কৰদেৱৰ চিত্ৰপটৰ সুমালিনীয়েই বা নকৰিব কিয়। কিন্ত শশীপ্ৰভাই বিয়নীয়েকৰ গাত ধৰি মাত লগাই জীয়েকক বিয়নীয়েকৰ হাতত হে সঁপি দিছিল, মোৰ জোৱাঁয়েক