এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭। সৰ্গ।
——000——
সাহিত্যিক সংসাৰ।

 ইৰূপে আগলি ছোৱা নৱ সংসাৰৰ,
কটালোঁ নতুন ভাৱে। আছিলোঁ পাহৰি,
পূৰ্ব্বভাব, পূৰ্ব্বকথা, পূৰ্ব্বপাতনিৰ
মনে-পতা মহাব্ৰত;— জীৱন উদ্দেশ্য।
প্ৰকৃতি বুকুত পুনু, উঠিল চমকি
পূৰ্ব্বৰ জেউতি সেই, লক্ষ্য-পোহৰৰ,
ধ্ৰুবতৰা সোঁৱৰণী উঠি অকস্মাৎ।
চাৰিভিতে দেখোঁ পুনু, ব্ৰহ্মাণ্ড বিয়াপি,
কৰ্ত্তব্যৰ-পিচে-লৰা প্ৰকৃতি মণ্ডল।
সুখ-বোধ জিৰণিত, কৰ্তব্য পাচে,
ঔষধৰ পাচে যেনে পথ্য অনুপান।
হৃদয়ৰ গুপ্ত ভাব হল প্ৰতিভাত,
চকু-কোঁচনিত। মুখৰ আকৃতি জুৰি,
শোভে মন অনুকৃতি;—এঢলীয়া-চোৱা।
তধা লাগে দেখি লীলা, —সৰল প্ৰতিমা—
জানো কিবা লগালে জগৰ। দোষী ভাৱে,
চাপে কাষ; অপৰাধ মৰষণ হেতু!