এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪৫
লীলা

অকস্মাৎ বিপদৰ সংহাৰ মূৰতি।
প্ৰিয়া মোৰ সঘনে মুৰ্চ্ছিতা! কিবা তাৰ,
জোঁকোৰি হৃদয় গুৰি, উঠে ধোৱাঁপ্ৰায়।
শূন্যত থিতাপি চকু, কি জানো কি দেখে।
থাকি থাকি মাৰে হাঁহি, কিবা অৰ্থ পাই,
গূঢ় অৰ্থ মনোভাব, অবুজ ভাষাৰে।
মাজে মাজে উঠে চঁকি? অমঙ্গলে কিবা,
ধৰেহি সাবটি যেন ভয়ঙ্কৰ ৰূপে।
তোলপাৰ প্ৰাণ মোৰ, কৰ্তব্য বিমোৰ।
উন্মাদৰ বাহু মেলি, ধৰিলোঁ সাৱটি,
উন্মাদিনী লীলা। হাততে হেৰায় যেন,
যত্নে তোলা পানী-চলু! ধৰিলোঁ চপাই
হিয়াত হিয়াৰে টিপি, নাৰাখি সুৰুঙা,
বিচ্ছেদৰ অহা-যোৱা জলা। কঁপে হিয়া,
কঁপে মন-প্ৰাণ, অন্তিম ভাৱত উটি ।
বিপদ-বান্ধৱহীন, নাই বেজ-জ্ঞানী,
নিজান প্ৰকৃতি ৰাজ্য, দশোদিশ্‌ জুৰি
বিস্তাৰে নিজম ভাব, নৰ নিলগাই।
ঈশ্বৰ সহায় মাথোঁ, ভব-ভয়হাৰী;
বিপদতাৰণ নাম, শিৱ-শিৱময়,
অব্যৰ্থ ঔষধ স্মৰি ক্ৰমে আগুৱালোঁ।
অৰ্ধেক যোজন পথ কটালোঁ ধ্যানত;—
বিপদ-ভুলোৱা যাদু। বতৰৰ স’তে
সংসাৰ- বতৰ- লীলা ক্ৰমে নিটিকালে।