এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লীলা

সৰু-বৰ, নানা গঢ়, হেজাৰে হেজাৰ।
“দেহিঐ, চাওকচোন।" —নামে যেন লীলা—
নাৰাখোঁতে গাড়ী! পূৰিল প্ৰাণৰ আশা,
নামিলোঁ আহাৰ হেতু, সুচল সি ঠাই;
‘কুকীপানী' নাম তাৰ। চপৰাণি মুখে
উধাৱত লীলা হাঁয়, কাচুতি চপাই।
এটি থই আৰু এটি, ঘুৰি আন এটি,
লৰি লয় আৰু এটি, আতিকে চিকুণ।
ইদৰে ভৰায় কোঁচ শিলৰ গুটীৰে,—
কাঢ়ি মোৰ হিয়া-ভাব, তলি উদঙ্গাই।
এৰিলোঁ ধেমালি স’তে শিলনি ওপৰে,
প্ৰকৃতি-দুহিতা লীলা প্ৰকৃতি-বুকুত।
আহাৰ যুগুত হেতু উঠিলোঁ ৰান্ধনি।
তৃষ্ণাযুত চকু মোৰ অতৃপ্ত সুখৰ,
মাজে মাজে বেঁকা-চোৱা, ভাউতি লীলাৰ।
বনদেবী বনমাজে, মানবীৰ বেশে।
আনন্দৰ উছাহত, টানি ৰখা হাঁহি,
অকলই উঠে ফুটি, হঁহাই মনক;
প্ৰাণভৰি চাই, অহ, লীলাৰ লৰালি।
ভোজন সমাপি যেই আৰম্ভিলোঁ পুনু,
বাটৰুৱা বাট-খেদা, নতুন বিপদ
চাপিল ওচৰ এটি। সুখ পাচে দুখ,
সৃষ্টিৰ চকৰিযোঁটা। ভিতৰি ইবাৰ,
ব্যাধিৰ বিকাৰ হাঁয়, লীলা-দেহা মাজে।