এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮২
লীলা।

আনন্দ উপচি পৰা প্ৰকৃতি হিয়াত,
ধাৰেযোৱা এটি সোঁত শিলনি ওপৰে
বিভোল ভাবেৰে মিলি বইছে বাগৰি!
তুলিছে আনন্দ ৰাৱ, মঙ্গল আৰতি।
পৰিল উপচি ভাব, উগুল-থুগুল,
হিয়াত লীলাৰ। পাচ কৰি আন কাম,
নিবেদিলে মোত, উত্ৰাৱল মনে-চিতে,
অপৰূপ সৃষ্টি-শীলা, আপোন হিয়াত,
আপোন চকুৰে চাই মিলাবৰ গুণে!
ধীৰে ধীৰে নামি, লীলা-বাৱেঁ, হাতেযোঁটা,
দিলোঁ থিয় দুয়ে এটি শিল-ওপৰত;—
প্ৰকৃতিৰ পাৰি থোৱা শুদ্ধ চামপীৰা;
ধুৱালে পবিত্ৰ জলে, উথলি আপুনি,
বৰ-কন্যা চাৰি-পাৱ। জননী প্ৰকৃতি,
মুকলি গহীন সাজে, মেলি বহু-লতা,
পিন্ধালে সাদৰি, আদৰণী ভাবমালা;
মুকলি বুকুৰ মাজে, সাবটি দম্পতী,
চেনেহ-ছেপনি বান্ধে, ধৰি দুই মুখ,
সুঙিলে দুইটি শিৰ অপত্য স্নেহত।
নমিলোঁ জননী পদ। ভকতিৰ ভাব
বিৰিঙ্গি চকুৰ কোনে, বাগৰিল ধীৰে,
দুগালে দুধাৰি, আনন্দৰ চকুপানী।
বঞ্চিলোঁ সি ৰাতি তাতে হৰিষ্‌ অন্তৰে।