এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১১
লীলা।

আলাসত ভ্ৰমি ফুৰা মেঘদূতগণ,
উলাহত উৰি ফুৰে বাতৰি বিলাই
অযাচিতে কাৰোবাৰ; আপোন পাহৰা!
কৰে কাৰোবাক, হাঁয়, আপোন পাহৰি!
চাপিলে ওচৰ দেহি, সুকোমল হিয়া
যায় পমি আবেগত!—ৰহস্য অপাৰ!
দূৰণিৰ দৃষ্টি-ৰেখা, মন-চিত-হৰা,
চাওঁতে চাওঁতে, অহ, শ্যামা প্ৰকৃতিয়ে
নিশ্বাস্‌ নিৰোধি যেন প্ৰাণ কাঢ়ি লয়!
আৰু যত সৌন্দৰ্য্যৰ গুপুত সম্ভাৰ,
উদিয়াই শাৰী শাৰী পাতিছে পোহাৰ;—
কিনোতা মানৱ প্ৰাণ, বেচোঁতী প্ৰকৃতি।
অৰক্ষিতে আছে পৰি;—সাধ্য কিন্তু কাৰ
লয় তুলি কিবা এটি, সলনিত তাৰ,
নেবেচিলে মন-প্ৰাণ,—একমাত্ৰ বেচ।