পৃষ্ঠা:লভিতা.pdf/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ অঙ্ক–২য় দৰ্শন
লভিতা
 
 

ইলাহী। যা, যা, মাই! উস খোদা......(খুব হৰ্ণ বাজে আৰু ‘নাৰ্ছ নাৰ্ছ’ কৈ চিঞঁৰ আহে মটৰ start হৈ হুহুৱাবলৈ ধৰে। লভিতাই বুঢ়াৰ বুকুৰ পৰা ওলাই কান্দি কান্দি যায়গৈ। ইলাহীয়ে অলপ দূৰ গৈ তাই ওলাই যোৱাত আহি ষ্টেজৰ মাজত মূৰে কপালে হাত দি বহে আৰু হো হোৱাই ট্ৰাকবোৰ গুচি যোৱাৰ শব্দ হয়। ওচৰতে পৰি থকা আনাৰস দুটালৈ চাই আনি হাতত লৈ অলপ চাই বেজাৰেৰে দূৰলৈ পেলাই দিয়ে৷) হায় খোদা! তোমাৰ দুনীয়া। এই বুঢ়াক লৰা-ছোৱালী দিলা, তিৰোতা দিলা, ধন-দৌলত দি আকৌ কাঢ়ি নিলা! ভাবিছিলো বুঢ়াকালত তোমাৰ নাম কৰি কৰি তোমাৰ ওচৰলৈ যাম। কিন্তু খোদা! এয়া আকৌ কি কৰিলা। হায় মিছা-মিছা। আজি এই বুঢ়া কালত কি দেখুৱাইছা খোদা? আল্লাহ-তাল্লা! আজি তোমাৰ দুনীয়াখন চয়তানৰ হাতত এৰি দিলা নেকি? মানুহলৈ মানুহৰ মৰম নাই, দয়া নাই, কোনেও কাকো চিনি নাপায়। মানুহৰ তেজ মানুহে খাইছে, দুনীয়াৰ মানুহ আজি ৰাজ্য লৈ পগলা হৈছে। মানুহ জানোৱাৰ হৈ মাটিৰ লোভত, ৰাজ্যৰ লোভত, দৌলতৰ লোভত চয়তানৰ আঙুলি-মূৰত ঘূৰি চব পাহৰি, ইটোৱে সিটোক কাটিছে, মাৰিছে, বন্দুক, বোমা, বৰতোপ, উৰাজাহাজেৰে আজি মানুহে মানুহক ধ্বংস কৰিবলৈ বলিয়াৰ দৰে লৰিছে। অন্যায়, অধৰম, চয়তান, বদ্‌মাচি, চুৰি, ডকাইটি অত্যাচাৰ চলিছে দুনীয়াত। খালি টকা

৭৩