চতুৰ্থ অঙ্ক–২য় দৰ্শন | লভিতা |
লাঠী এডালত দুটা মাটিকঠাল ওলোমাই লৈ ইলাহী বক্স তাত সোমাই ইফালে সিফালে চাই কেঃ শৰ্মাক চালাম দিয়ে।) কি? কি? ক্যা মাঙ্তা? ক্যা মাঙ্তা?
| ইলাহী। হুজুৰ! হুজুৰ! মোৰ ছোৱালীজনীলৈ দুটামান ‘আনাৰস' আনিছিলো। হুজুৰ! এইফালে চিপাহীয়ে আহিবলৈ নিদিয়ে। হুজুৰ কোনো ম’তেহে বৰকৈ কাকূতি মিনতি কৰি আহিছো। হুজুৰ! ছোৱালীজনী এবাৰ দেখা পামনে হুজুৰ?
কেঃ শৰ্মা৷ কি নাম? কোন ছোৱালী?
ইলাহী। হুজুৰ! হুজুৰ! মোৰ ছোৱালীজনী লভিতা, হুজুৰ ধাই কাম কৰে—
কেঃ শৰ্ম্মা। লভিতা—তোমাৰ ছোৱালী?
ইলাহী। হুজুৰ! মোৰ নহয় যদিও মোৰ জীৰ দৰেই। কেঁও-কিছু নোহোৱাত মোৰ আশ্ৰয়তে আছিল। মই উপায় নাপাই এই কামত দি দিছো।
কেঃ শৰ্মা৷ সেই তুমি অনা I see, পিছে তাই এতিয়া কহিমালৈ যাবলৈ মটৰত উঠিল। এতিয়া আৰু দেখা নাপাবা।
ইলাহী। নহয় হুজুৰ! নহয় হুজুৰ। খোদাই আপোনাৰ মঙল কৰিব। এবাৰ হুজুৰ! যোৱাৰ আগতে চাই লম—আঃ
মোৰ মাইজনীক চাই লম। কি জানি আৰু দেখা... হুজুৰ!