কেঃ শৰ্ম্মা। ল-ভি-তা-বৰুৱা। কৰবাত শুনা যেন লাগে,—তুমি কোন গাঁৱৰ ?
লভিতা। ফুলগুৰিৰ ।
কেঃ শৰ্ম্মা। I see—তোমাৰ কোনো অহা নাই দেখো মাতিবলৈ?
লভিতা। নাই।
কেঃ শৰ্ম্মা। I see—অ’ তুমিও কহিমাৰ ডিউটিত পৰিছা নহয়?
লভিতা। হয়। ময়ো আজি কহিমালৈ যাব লাগিব।
কেঃ শৰ্ম্মা। I see-বাৰু। (এই বুলি গৰপ্-গৰপ্কৈ বাৰান্দালৈ উঠি কেম্পৰ ভিতৰলৈ সোমাই অদৃশ্য হয়। ভিতৰৰ পৰা মাত আহে।) “এই বেছি দেৰি নেইহে। জলদি, জলদি, মাল উঠাও। আধা ঘণ্টা হে।” (কেবাটাও লেবাৰ ক’ৰৰ মানুহে মাল-পত্ৰ লৈ লৰি লৰি আহে, আৰু মাল অনা নিয়াৰ থৰ খেদা লাগে। এনেতে শৰ্ম্মা ঘৰ্ডী চাই বাৰান্দাত থিয হয়হি।) জলদি কৰ, জলদি কৰ, আধাঘণ্টা টাইম, জলদি। কুইক্ কুইক্ কুইক্। (লভিতাৰ ফালে চাই) তুমি ইয়াত কি কৰিছা? তোমাৰ মাল নি ট্ৰাকত দিয়া হ’লনে? কুইক Quick Quick.
লভিতা। হয় হ’ল।
কেঃ শৰ্ম্মা। তেন্তে যোৱা। ভালকৈ সকলো চাইচিন্তি যাবৰ কাৰণে ৰেডি হোৱাগৈ কুইক Quick Quick