পৃষ্ঠা:লভিতা.pdf/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুর্থ অঙ্ক-১ম দর্শন]
লভিতা
 
 

এনেতে দূৰত বন্দে মাতৰম্’ ধ্বনি হয়। ‘মাহাত্মা গান্ধী কি জয়।’ ‘স্বাধীন ভাৰত কি জয়।’ সকলোৱে সেইফালে চায়।

এ, আৰ, পি। অ’ আজি কাছাৰিত স্বৰাজ নিছান উৰুৱাবলৈ যোৱা ভলন্টিয়াৰবোৰ সকলোকে এৰেষ্ট কৰি আনিছে।

তেওঁলোক এদাঁতিত থিয় হয় আৰু ভিতৰৰ ফালে চাই থাকে। ভিভৰত ভলান্টিয়াৰৰ গীত হয়।

—গীত—

বিশ্ববিজয়ী নৱ জোৱান
 বিশ্ববিজয়ী নৱ জোৱান
শক্তিশালিনী ভাৰতৰ
 ওলাই আহাঁ, ওলাই আহাঁ,
 সন্তান ভূমি বিপ্লৱৰ।
সমুখ সমৰ সমুখতে
 মুক্তি যুঁজাৰু হুঁছিয়াৰ
মৃত্যু বিজয় কৰিব লাগিব।
 স্বাধীনতাৰ খুলি দুৱাৰ।

এদল গান্ধীটুপী পিন্ধা কংগ্ৰেছ ভলণ্টিয়াৰক চঙ্গীনধাৰী পল্টনে ঘেৰাও কৰি জেললৈ লৈ যায়। সিহঁতে গীত গাই গাই আহে। দলটো এফালৰ পৰা আনফালে ওলাই যায়। দূৰলৈ যোৱাত গীত লাহে লাহে নুশুনা হয়। লভিতাই তন্ময় হৈ সিহঁতৰ ফালে চাই আছিল৷

৬৫