পৃষ্ঠা:লভিতা.pdf/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
[চতুৰ্থ অঙ্ক—১ম দৰ্শন
 
 

একঠা মাটি মই উপজিয়ে পাওঁ
এমুঠি পেটৰ ভাত
এখনি কাপোৰ গাত
 আজি কিয় তাকো নাপাওঁ?
এই মাটি মোৰ অধিকাৰ
মোৰে ভাত মোৰে কাপোৰ
মোৰে দেশ আজি মই
 নিজে ৰখাওঁ
কালৰ মূৰ্ত্তি ধৰি
 শতৰু মূৰত
আকাশৰ চৰগ্ নেলাওঁ।

(গাই গাই গাই ওলাই যায়গৈ।)

অলপ পিছত এজন দাৰোগা ছাইকেল মাৰি কোবেৰে যায়। কিছুমান ছাত্ৰ-ছাত্ৰী ‘বন্দে মাতৰম’ ধ্বনি কৰি সেই ফালেদি লৰ মাৰে। কেইটা মান গুৰ্খা সৈন্যই চঙ্গীন উলিয়াই সেইফালে পেত্ৰল কৰি গুচি যায়। এনেতে দুজন ঠিকাদাৰ কথা পাতি সেই ফালেদি আহে।)

১ম ঠিকাদাৰ। যদি মই এই দুশ কুলি গোটাই কামটো ঠিকে-ঠাকে শেষ কৰিব পাৰো, তেন্তে নগদ একলাখ টকা লাভ হবই।

৬০