১ম আমোলা। ডাঙৰৰ যি হওক বাৰু লৰা-ছোৱালী কেটাই এতিয়া দুবেলা দুপোৱা গাখীৰ খাবলৈ নেপালে জীয়ে কেনেকৈ?
(এনেতে দূৰত ‘বন্দে মাতৰম্’ ‘ইনকিলাব জিন্দাবাদ’ ধ্বনি হয় ৷)
২য় আমোলা। সেয়া, সেইখনো লাগিল আকৌ।
১ম আমোলা। এৰা, কিনো হব খুজিহে, ততকে পোৱা নাই৷ এই যুঁজৰ সময়ত এই কংগ্ৰেছখন অলপ তলকা মাৰি থকা হলেও হয়। নাই, গোটেইখন উত্ৰাৱল। বাপেকে গুলী খাই খাই মৰিছে, তেও জানো সিহঁত শান্ত হব! ইংৰাজৰ হাতত আটাইবোৰ বৈজ্ঞানিক অস্ত্ৰ–নতুন নতুন কত মানুহ মৰা কল-কাৰখানা। শুদা হাতেৰেননা কেনেকৈ সিহঁতক খেদাবলৈ যায়। এতিয়া বোল আকৌ ‘এটম বোমা’ উলিয়াছে। তাকে বোলে এটা বোমাৰেই এখন চহৰ উৰাই দিব পাৰে। এই কংগ্ৰেছখনে ভাল তৰাৰ ফৰ্ম্মূটি মাৰি বাঘ খেদিবলৈ ওলাইছে। এনেনো মূৰ্খালি দিন দুপৰতে কৰিব লাগেনে?
২য় আমোলা। আজি বোল ভলন্টিয়াৰে কাছাৰিত নিচান তুলিবলৈ আহিব। মৰিব, মৰিব, ইংৰাজে কি মুখলৈ চাব। এতিয়া সিহঁতে দেশ জাপানীয়ে লয় বুলি বলিয়া হৈছে, এফালৰ পৰা গুলীয়াই দিব।