এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুজনি দিয়াইহে আঁতৰাবলৈ সমৰ্থ হৈছিল। গাঁৱলীয়া অসমীয়া ছোৱালীয়ে কেবাঠাইতো নিগ্ৰো আৰু আন মিলিটেৰীৰ হাতত ধৰ্ষিতা হৈ পিছত সমাজত ঠাই নাপাই অলৈ তলৈ গৈ, যুদ্ধৰ কামত ভৰ্ত্তি হোৱাও ঘটনা ঘটিছিল। ঢেকীয়াজুলি, গহপুৰত, বৰহমপুৰত অসমীয়া ছোৱালীয়ে দেশৰ বাবে জীৱন উছৰ্গি যোৱা কাহিনীও সকলোৰে জনাজাত। অসমীয়া ছোৱালী নাৰ্ছ হৈ আৰু যুদ্ধৰ আন কামতো দেশ এৰি বিদেশলৈ যোৱা কথাও সকলোৱে জানে। অসমীয়া লৰা যুদ্ধত যোগ দি অসমীয়াৰ ছাত্ৰশক্তিৰ পৰিচয় দি আৰু ভাৰত উদ্ধাৰ কল্পে নেতাজী বসুৱে গঢ়া আই, এন এত গৈ উচ্চ সামৰিক পদবী পাই, আই, এন, এৰ সৈতে অসমৰ সীমা আক্ৰমণ কৰাও অসমীয়া জীৱনৰ বিষয়ে সঁচা কথাই। ইয়াৰ উপৰি বিপ্লৱৰ বিষয়ে আৰু সেই সময়ৰ অসমত হোৱা যি ঘটনাৰ নাটকত সমাৱেশ কৰা হৈছে, সেই সকলোবোৰেই হোৱা ঘটনাৰ আলম লৈয়েই নাটকত দেখুৱা হৈছে। কেৱল সাহিত্যৰ খাতিৰত ঠায়ে ঠায়ে কলা প্ৰয়োগ আৰু সাহিত্য সুলভ নাটকীয় পৰিণতিৰ বাবেই বিশেষকৈ নাটকৰ সমাপতিত কল্পনাৰ আশ্ৰয লোৱা হৈছে, সেই সেই চৰিত্ৰৰ পূৰ্ব্বৰ কাৰ্য্যৰ সৈতে সামঞ্জস্য ৰাখিয়েই।

 ইয়াত অসমীয়া সাধাৰণ ডেকা-ডেকেৰীৰ চৰিত্ৰত যিখিনি সৰলতা দেখুৱাই, যিখিনিত দুৰ্বলতা আছে তাকো দেখুৱাবলৈ যত্ন কৰা হৈছে। অস- মীয়া সাধাৰণ ডেকাডেকেৰীয়ে পৃথিবীলৈ অহা ন পোহৰৰ বাণী কিমানখিনি লব পাৰিছে আৰু সেই পোহৰত নতুন দিনৰ বাবে নিজকেই গঢ়ি তুলিবলৈ কিমান দূৰ নতুন ভাবেৰে অনুপ্ৰাণিত হব পাৰিছে তাৰো আভাস দিবলৈ ইয়াত যত্ন কৰা হৈছে। যাতে আজি এই অসমীয়া জীৱনৰ সন্ধিক্ষণত অসমীয়াই নিজৰ স্বৰূপ চাবলৈ সুবিধা পাই, নিজৰ নিজৰ চৰিত্ৰৰ সবলতা দুৰ্ব্বলতা জানি ভৱিষ্যতৰ সৈতে যুঁজিবলৈ সক্ষম হব পাৰে।

 ওপৰত উনুকিয়াই অহা নাটকৰ নায়ক-নায়িকা প্ৰসঙ্গত আৰু অলপ