পৃষ্ঠা:লভিতা.pdf/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ অঙ্ক
প্ৰথম দৰ্শন

(গোলাঘাট চহৰৰ এটা চৰকাৰী আলি। দুজন কাছাৰিৰ আমোলাই কথা পাতি যায়।)

১ম আমোলা। এৰা হেৰি বৰ বিপদেই হ’ল। কি কৰা যায়? আমাৰ দেখোন জীয়াতে মৰণ হ’ল ৷ এইদৰে খাবলৈ বয়বস্তু নহলে কেনেকৈ তৰিব হেৰি।

২য় আমোলা। নাই আৰু ক’ৰবালে ভাগিহে যাব লাগিব। চাউলৰ মোণে হ’লগৈ ডেৰকুৰি টকা দাম। আটা পাবলৈ নাই, তেল পাবলৈ নাই, ঘিউ অকণ পাবলৈ নাই, কেনেকে তৰা বাৰু?

১ম আমোলা। আটা, ঘিউৰ যিয়েই হওক। এই শাক-পাচলি কেইডালমান আৰু মাছ-পুঠি দুটামান হলে ওতো জীৱনটো থাকে।

২য় আমোলা। শাক-পাচলি পাবি ক’ৰ পৰা? ঠিকাদাৰবোৰে গাঁৱে-ভূঁয়ে সোমাই লাও, কোমোৰা, জলকীয়া, বেঙেনা, যত যি পায় চুঁচি বাচি-নি মিলিটেৰীক দিছেগৈ। হেৰা নেমুটেঙা এটাৰনো দাম গোটে আঠ অনা, প্ৰভু ! এইখন কি কৰিলা?

৫৭