পৃষ্ঠা:লভিতা.pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় অঙ্ক-২য় দৰ্শন]
লভিতা
 
 

ঘৰত আশ্ৰয় লৈ থাকিলো। বুজিছা ইলাহী ককা, এতিয়া হিন্দু মানুহে মোক সিহঁতৰ গাঁৱত ৰাখে কেনেকৈ? সিহঁতৰ ইহকাল পৰকাল নষ্ট যাব। বুজিছা বুঢ়া ককা !

(কাঠ হাঁহি মাৰে। লভিতাৰ মুখত এটা তীব্ৰ বেদনা আৰু চকুত জুই আঙনি ফুটি ওলায়।)

ইলাহী। আল্লা! আল্লা! মানুহবোৰ ইমান কাঠচিতীয়া।

গোলাপ। ইলাহী মিঞাঁ, কি কম, কি কম। আমাৰ মানুহবোৰৰ আজিও চকু মুকলি নহল। আজিও-

ইলাহী। কেলৈ বাপাই। আজি অত বছৰ গান্ধী মহাত্মাই, কংগ্ৰেছে মানুহক দেখোন এইবোৰ এৰিবলৈ কৈছে-মহাত্মাৰ কথাৰ অলপো গুণ ধৰা নাইনে? এইবোৰ বিপদত পৰিলহি। মানুহে বিপদ চাপিলে সহি থাকিব লাগে।

লভিতা। (কন্দনামুৱাহৈ ওলাই আহি) কিয় সহি থাকিব? অন্যায় অত্যাচাৰৰ কেতিয়াও সহি থাকিব নালাগে। তুমি মোক আশ্ৰয়ৰ বাবে মৌজাদাৰৰ ঘৰত থলা। তাত ক’ত মোক দুআষাৰ মৰমৰ মাতেৰে মনত সান্ত্বনা দিব। কিনা গোলামৰ দৰে বাবলৈতো ধৰিলেই, তাৰ উপৰি পুৱাৰে পৰা ৰাতি দুপৰলৈকে যতবোৰ বছা বছা তিতা-কেহা এটাইবোৰ দিবলৈ লাগিল। তেজ-মঙহৰ মানুহে নোৱাৰে সহিব। মইতো আৰু গৰু ছাগলী নহও।

৫৩