ইলাহী। নহয় মাই, জ্বৰ তোৰ হোৱা নাই। তোৰ ভোক চৰিহে এনেকুৱা ইচাতি বিচাতি লাগিছে৷ গাখীৰ এটোপা খালে মাই পেটটো জুৰ পৰিলে ভাল পাবি।
এনেতে বাহিৰত হো হোৱাই এখন ইলেট্ৰিক, হৰ্ণ হাও হাওকৈ বজাই মিলিটেৰী লড়ী গুম্গুমাই যায়।
লড়ীবোৰৰ লৰাধপৰাখন আকৌ লাগিল। উৰাজাহাজৰ হো-হোৱনি মটৰৰ ভোঁ-ভোৱনি শুনি আৰু কাণ ক’লা হলগৈ। মাই, সেই কুঁৱাৰ পৰা পানী অলপ তুলি মুখখন ধুই আহগৈ। তালুখনো অলপ তিয়াই দিবি, ভাল পাবি। যা মাই, যা। (মৰমেৰে চায়) আই উ, মাইজনীৰ অৱস্থা নোহোৱা হল আল্লা! আল্লা! (হুমুনিয়াহ পেলাই ঘৰৰ ভিতৰলৈ সোমাই যায়। ভিতৰৰ পৰা) গলি মাই যা, যা, হাত মুখ ধো গৈ যা, যা (লভিতা উঠি ৰিহাৰ আচলেৰে চকু, নাক মচি এখুজি-দুখুজিকৈ বাহিৰলৈ ওলাই যায়।এনেতে এ, আৰ, পি পোছাকত গোলাপে হাতত বেত এডাল লৈ সোমাই আহি চোতালত থিয় হয়হি৷
গোলাপ। ইলাহী মিঞা? ঘৰত আছেনে? (ভিতৰৰ পৰা) ‘অঁ আছো’ ৷
ইলাহী। (ওলাই। অ’ আমাৰ গোলাপ বাপাই দেখোন! পিছে কিনো হ’ল, আজি দেখোন পুৱাই ওলালাঁহি? আমিও ঘৰবাৰী এবি যাবৰ হুকুম লৈ আহিছা নেকি? ৰবা বাপাই (এই বুলি ভিতৰলৈ গৈ মুঢ়া এটা আনি দি।) বঁহা বাপাই বঁহা, ও পিছে?
গোলাপ। পিছে এটা খবৰৰ কাৰণেহে আহিলোঁ ৷
ইলাহী। কিনো খবৰ?