পৃষ্ঠা:লভিতা.pdf/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৰ্শন ।

ইলাহীবকছৰ ঘৰৰ আগ চোতাল। জুপুৰি ঘৰটোৰ পিৰালিতে বুঢ়া ইলাহী বকছ বহি বাদনা এটালৈ পানীৰে মুখ ধুইছে আৰু আন এফালে লভিতা উচুপি উচুপি বহি আছে। ওচৰতে কেইটামান কুকুৰাই খুটিয়াই খুটিয়াই ধান খাব লাগিছে। চোতালত এফালে গৰু এজনী আৰু দামুৰি পোৱালী এটা বন্ধা আছে ৷

ইলাহীয়ে মুখ ধুই, কান্ধৰ গামোছাৰে মুখ মচি বাদনাটো ভালকৈ পানীৰে আওখালি গৰুজনীৰ ফালে গৈ—

ইলাহী—লভিতাক) মাই অ’! তই কালিৰে পৰা মুখত পানী এটোপাকে দিয়া নাই। কি কৰিবি মাই, খোদাৰ কিবা মানুহৰ ওপৰত খং উঠিছে; সেই কাৰণে যুঁজ বাগৰ, আকাল বিকাল দুণীয়ালৈ পঠিয়াইছে। মাই তোৰেইতো অকল এনে হোৱা নাই। (দামুৰীটো আনি ওহাৰত লগাই দিয়ে।) কত মানুহৰ বিলাই হৈছে। কতৰ মাকবাপেক হেৰুৱাইছে। ঘৰবাৰী গৈছে। (দামুৰীটো নি বান্ধি থৈ গাখীৰ খিৰাবলৈ ধৰে।) মাই, যি আছে কপালত। এতিয়া যেনে তেনে জানটোহে বচাব লাগে মাই। কান্দি-কাটি নাখাই নবৈ নিজৰ দেহটোক লোকচান কৰিলে কি হব? (গাখীৰ খিৰোৱা হয় আৰু বাদনাটোত গাখীৰ আনি লভিতাৰ ওচৰত থৈ) মাই, গাখীৰকে অলপ তপতাই দিওঁ। তাকে খা মাই। তই হেন্দুৰ ঘৰৰ ছোৱালী! ভাত দুটামান ৰান্ধি তোক দুটামান খুৱাবৰ মোৰ এক্তিয়াৰ নাই । আমাৰ মানুহৰ সমাজৰ নিয়ম এনে। হায় আল্লা!

লভিতা। নালাগে গাখীৰ তপতাব। মোৰ একো খাবৰ মন যোৱা নাই। গাটো জ্বৰ জ্বৰ হে লাগিছে।

৪৯