পৃষ্ঠা:লভিতা.pdf/৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
[তৃতীয় অঙ্ক–১ম দৰ্শন
 
 

কুচ্ দুচমনি নাই কৰিবে। হামি ভালা আদমি আছে। হামি তোমাকে পিয়াৰ কৰিবে। তোমাকে ৰূপীয়া দিবে।(এই বুলি এখন দহটকীয়া নোট উলিয়াই লভিতাৰ গালত ঘঁহাই দিয়ে। লভিতাই খঙত নোট থাপ মাৰি লৈ এচাৰ মাৰি পেলাই দিয়ে৷)

২নং মিলিটেৰী। ওঃ ছোক্‌ৰী! এত‌্না ৰাগ মত দেখাও। আৰে ভাইজী! ক্যা দেখতা? চলো উঠাও! লেকে চলো ৷

এই বুলি সি জেপৰ পৰা ৰুমাল উলিয়াই বিজুলী সঞ্চাৰে গৈ লভিতাক হাতেৰে সাৱট মাৰি ধৰি আন হাতেৰে ৰুমালেৰে মুখত সোপা দি ধৰে। লভিতাই চিঞঁৰিবলৈ চেষ্টা কৰে আৰু হাত-ভৰি আচাৰি উফাল খায়! তাৰ হাতৰ পৰা এৰাই গৈ মাটিত কৰ্ফাল খাই পৰে। এই বাৰ তিনিওটাই গৈ তাইক হেঁচা মাৰি ধৰি মুখত সোপা দি পথালি কোলাকৈ দাঙি লয়, আৰু লভিভাই হাত ভৰি মূৰ আচাৰিবলৈ ধৰে। মুখত সোপা দিয়া স্বত্বেও তাইৰ কোঁ-কোঁৱনি গোঁ গোঁৱনি কিছু দূৰলৈ শুনা যায়। এইদৰে তাইক সিহঁতে ধৰি-বান্ধি উলিয়াই নিবলৈ চেষ্টা কৰোতেই এজন ডেকা পুলিচ এ, এফ, আই ওলায়, আৰু হঠাং চাইকেলৰ কোব ৰখাবলৈ যাওঁতে আহি মিলিটেৰী কেইটাৰ গাত খুন্দা খাই পৰে; আৰু পৰি তৎক্ষণাত জাপ মাৰি উঠি ঘোৰ বাঘৰ মুৰ্ত্তি ধৰি মিলিটেৰী কেইটালৈ চাই সোধে।

৪৬