পৃষ্ঠা:লভিতা.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম অংক—২য় দৰ্শন]
লভিতা
 
 

আজিৰ পৰা ২০ ঘণ্টাৰ ভিতৰত। (ঢোল পিটে।) “লহৰ-জান উৰা-জাহাজৰ ঘাটিৰ” (এইবুলি কেইবাবাৰো কৈ ওলাই যায়।)

এটা গাঁৱলীয়া৷ হে’ এনে কথা হ’ব পাৰেনে? সাত-পুৰুষীয়া ভেটি, গৰু-গাই, ভঁড়ালৰ ধান এৰি ৰাতিটোতে গাঁওখন এৰি উঠি যাব লাগে! চৰকাৰ পগলা হ’ল ঔ! চৰকাৰ পগলা হ’ল! হে’ প্ৰভু! হে’ ঈশ্বৰ!

এনেতে কেইটিমান মিলিটেৰীয়ে এজাক ল’ৰা-ছোৱালী আৰু মতা-তিৰোতাক ঠেলি-হেঁচুকি লৈ আহে। মানুহবোৰৰ পিঠিত বোজা । কাৰো মূৰত টোপোলা, উঘা, চেৰেকী, হাঁহ, পাৰ, ছাগলী। আটাইবোৰ মানুহে খঙাখঙিকৈ কথা-বতৰা পাতি যাওঁ নেযাওঁ কৈ আহে! তিৰোতাবোৰে উচুপি উচুপি আহে!

এটা মিলিটেৰী৷ (মানুহবোৰক হেঁচুকি) যা যা জল্‌দি

এজনী তিৰোতা৷ (কান্দি) ক’লৈ যাওঁ অ’ অ’? কি কৰো ? আজি বোপা-ককাৰ দিনৰ পৰা ইয়াতেই থাকি অতকাল গ’ল! হে বিধাতা, আজি কিহে পালে ঔ! অ’ মোৰ ভঁড়ালৰ ধানখিনিৰনো কি হ’ব ঔ! অ’ মোৰ গৰু কিজনীনো কোনে চাব ঔ! অ’ মোৰ পিতাই কি আছিল! এতিয়া কি হ’ল ঔ!

আৰু কিছুমান মানুহ মিলিটেৰীয়ে ঠেলি-হেঁচুকি লৈ আহে আৰু তাৰ পৰা সিহঁতক খেদি নিবলৈ চিঞঁৰি-বাখৰি হুলস্থূল লগায়।

২৩