পৃষ্ঠা:লভিতা.pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৰ্শন

লাহৰ-জান এয়াৰড্ৰুমৰ তেনেই ওচৰৰ ফুলগুৰি গাঁৱৰ এটা ঘাটৰ পানী-অনা ঘাট। আমেৰিকান নিগ্ৰো সৈন্যই বাটত বহি মদ খাইছে। দুই এটাই “টেপ্ ডেন্স” কৰিবলৈ ধৰে। এনেতে সেই ফালেদি এজন গাঁৱলীয়া মানুহে এথোকা পকা কল লৈ যায়। নাচি থকা নিগ্ৰো এটাই নাচৰ চেৱতে হাত নলগাই মুখেৰেই কামুৰিয়েই এটা কল ছিঙি আনে। বাকীবোৰেও থপিয়াথপি কৰি কলবোৰ খাই পেলায়। কল অনা মানুহটোৱে “নিলে ঔ! খালে ঔ” বুলি চিঞঁৰিবলৈ ধৰে। এটাই তাৰ মুখ ফালি মদ অলপ বাকি দিয়ে৷ মানুহটোৱে পেঁপুৱা লাগি কঁপে! এনেতে এটা নিগ্ৰোৱে দুখন দহ টকীয়া নোট উলিয়াই মানুহটোৰ হাতত দি কয়, “গুড্ মেন, যাও যাও”। কল অনা মানুহটোৱে বিচূৰ্ত্তি খায়। আৰু হেবাংটোৰ দৰে এবাৰ নোট দুখনলৈ, এবাৰ নিগ্ৰোটোৰ ফালে চাই থাকে। তাতে নিগ্ৰোটোৱে ক’লে, “দিচ্ প্ৰাইচ টুৱেন্‌টি ৰূপিজ” মালুম? মানুহটোৱে কি কৰো কি নকৰো কৰি গৈ থাকে, মাজে মাজে নোট কেইখনৰ ফালে চায়। মানুহটোৱে “একআখি কলত বিছ টকা” বুলি চুচুক চামাককৈ যায়। তাকে দেখি নিগ্ৰোকেইটাই কিৰীলি পাৰে। মানুহটোৱে উচপ খাই ষ্টেজৰ পৰা ওলাই যায়। এনেতে কোবেৰে দুজন আমেৰিকান এম, পি, সোমাই আহে।

২১