পৃষ্ঠা:লভিতা.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম অংক-১ম দৰ্শন]
লভিতা
 



পুলিচ চাহাবে ঢেক্ ঢেক্‌কৈ হাঁহিবলৈ ধৰে। এনেতে দূৰৈত চাইৰেণ বাজে, আটাইবোৰৰ মাজত হুৱাদুৱা লাগে।

পুঃ চাহাব। ঘৰ‌্মে ধুকও, ঘৰ‌্মে ধুকও, চেল্‌টাৰ‌্মে ধুকও ৷

চাইৰেণ বাজিয়েই থাকে। এনেতে পুলিচ চাহাবে লভিতা আৰু আন ছোৱালীবোৰক হেঁচুকি ঘৰটোৰ ফালে পঠিয়াই দিয়ে। আটাইবোৰ ছোৱালীয়ে লভিতাৰ সৈতে ঘৰৰ ভিতৰত সোমায়। পুলিচ চাহাবে “চেলটাৰ মে চলও” বুলি ষ্টেজৰ পৰা ওলাই যায়। লগতে চিপাহী আৰু দাৰোগাও যায়। বাহিৰত মটৰ চলোৱা শব্দ হয়, আৰু তাৰ লগে লগে বহুত উৰাজাহাজ উৰি অহাৰ শব্দ হয়। তেতিয়া ষ্টেজ শুদা হয়। লাহে লাহে উৰা-জাহাজৰ শব্দ কাণ তাল মৰা হৈ পৰে। বোমা পৰাৰ বিস্ফোৰণ শুনা যায়। এনেতে লভিতাৰ বাপেক বাণেশ্বৰ বৰুৱাই কান্ধত ভাৰ এখন লৈ, বেগাবেগিকৈ সোমায়হি আৰু “আই ঔ লভিতা” বুলি মাতে। ওপৰত মেচিন-গান চলিয়েই থাকে। এনেতে এটা বোমা জাপানী উৰাজাহাজৰ পৰা আহি চোতালত পৰে। আৰু ভীষণ বিস্ফোৰণ হয়। বাণেশ্বৰ বৰুৱা ঢাচ্ কৰে মাটিত বাগৰি পৰে৷ লভিতাহঁতৰ ঘৰ-চাল উৰি যায় আৰু গোটেইখন ধোঁৱাময় হয়। ঘৰবোৰত জুই জ্বলে। ঘৰৰ ভিতৰৰ পৰা কান্দোন শুনা যায়। এনেতে তেজেৰে ৰাঙলী হৈ লভিতা আধা পাগলীৰ দৰে ওলাই আহে। আগত বাপেক পৰি থকা দেখি “পিতাই ঐ” বুলি বাপেকক সাৱটি ধৰে। আটাইকেইজনীয়ে কান্দিবলৈ ধৰে। এনেতে বাহিৰত দীঘলীয়া হুইচেলৰ শব্দ

১৯