পৃষ্ঠা:লভিতা.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
[প্ৰথম অঙ্ক-১ম দৰ্শন
 

ৰূপ। আমি আৰু কিটোনো কৰিম?

লভি ( বাধা দি )। ৰ’ চোন অ' ৰূপ! আমি আৰু একোটো কৰিব পৰা নাই। সিদিনা কমিটীত সূতা কাটিবলৈ কৈছে, এৰী কাটিবলৈ কৈছে –তাকে কৰিছো।

ভলণ্টিয়াৰ। তাতে তোমালোকৰ কৰ্তব্য শেষ হ'লনে? আমি বিপ্লৱ কৰিব লাগিব। যুজ কৰিব লাগিব।

ৰূপ। কিহেৰে যুজখন কৰিম? (পিতলৰ কলহটো দেখুৱাই) এই কলহটোৰ কাণেৰে মাৰিলে জানো (মিচিক্‌কৈ হাঁহি দিয়ে। আনকেইজনীয়েও হাঁহে।

লভিতা। (খং কৈ)। তহঁতে মাথোন যেই সেই কথাতে হাঁহিবহে জান। নুশুন কিয়?

ভলণ্টিয়াৰ। নহয় নহয় তেওঁ সঁচা কথাই কৈছে। এৰাতো, কিহেৰে যুঁজিম? নাই বন্দুক, নাই বৰতোপ, নাই উৰাজাহাজ, সেই কাৰণেই আমাৰ একো নাই দেখিয়েই, আমি নিৰস্ত্ৰ দেখিয়েই, জানো আমাৰ দেশৰ স্বাধীনতাৰ বাবে একো নকৰি হাত সাৱটি বহি থাকিব লাগিব? আজি ইংৰাজে আমাক শাসন কৰিছে। কাৰণ সিহঁতৰ শাসন আমি মানি লৈছো দেখিহে। সিহতক আমি আমোলা মহৰি দি, বিষয়া হৈ, সিহতৰ আইন-কানুনমতে চলি, সিহতক কৰ-কাটলৰে যোগান দি সিহতক মানি লৈছো দেখিয়েই সিহঁতে আশাক শাসন কৰিছে। যেতিয়াৰ পৰা আমি সিহতক সেই সকলোৰে পৰা বঞ্চিত কৰিম,

১২