পৃষ্ঠা:লভিতা.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম অঙ্ক-১ম দৰ্শন
লভিতা
 

ভলণ্টিয়াৰ। বহুত গাঁৱৰ মানুহে ভয় খোৱা দেখিছোঁ দেখিহে।

ৰূপ। গাঁৱৰ মানুহে কিটো ভয় কৰিব? সেইবোৰ আপোনাৰ নগৰৰ মানুহহে ভয়ত পেপুৱা খাই গাঁৱে গাঁৱে সোমাইছেহি।

ভলণ্টিয়াৰ। হাঃ হাঃ হাঃ হওঁতে হয়, হয় হওঁতে। পিছে বাৰু সেইবোৰ কথা যাওক। এতিয়া মই দেশৰ কথা দুষাৰমান কব খোজো।

ৰূপ। বাৰু কওক। পিছে কোৱাৰ পিছত গীত এটা গাব লাগিব হলে।

লভিতা। ৰূপ! কি চুপতি কৰ অ'?

ভলণ্টিয়াৰ। বাৰু বাৰু গোৱা যাব। একো কথা নাই। পিছে এতিয়া দেশৰ অৱস্থা দেখিছ নহয়। আজি আমাৰ ভাৰতৰ শিৰৰ মণি মহাত্মা গান্ধীক ইংৰাজ গৱৰ্ণমেণ্টে বন্দী কৰি থৈছে। আমাৰ নেতাসকল আজি জেলত পচিছে। আজি মহাত্মাৰ ‘ভাৰত-ত্যাগ’ মন্ত্ৰই ভাৰতক এক নতুন

জাগৰণেৰে জগাই দিছে। আজি দেশৰ জনসাধাৰণ সাৰ পাই উঠি নিজৰ দেশক ইংৰাজৰ হাতৰ পৰা মুক্তি কৰিবলৈ নিজৰ জীৱন দিবলৈ ওলাইছে। কনকলতা কুশল কোঁৱৰ তিলক ডেকা—এই কতই অজি বুকৰ তেজ দি স্বাধীনতাৰ হকে বলি গৈছে। এইবোৰৰ কথা নিশ্চয় জানা। দেশত যে স্বাধীনতা আন্দোলন-বিপ্লৱ এইবোৰ হব লাগিছে, এইবোৰৰ বিষয়ে তোমালোকে কি কৰিছাঁ?

১১