পৃষ্ঠা:লভিতা.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সোণ। বাইটী! কিনু দেশখনত হব খুজিছে কবই পৰা নাই। ইফালে জাপানী, সিফালে এমেৰিকানৰ গচকত প্ৰজা জোল উঠিছে। তাতে আকৌ আমাৰ কংগ্ৰেছৰ ৰাইজখন উত্ৰাৱল হৈ পৰিছে।

ৰূপ। এই ভলণ্টিয়াৰৰ গীতবোৰ শুনিলে বাইটী! গাটো ৰণজিৎ ৰণজিৎ কৰে। পিছে সিহতৰ লগত যাবলৈ গাঁওবুঢ়াই হাক দিয়ে। লভিতা বাইটী! সিহঁতখনকনো লাগে কি?

লভিতা। তাকেই ইমান দিনে তহঁতে বুজা নাইনে? আমাৰ দেশখন ইংৰাজ ৰজাই খাইছে জাননে?

ৰূপ। অ' কেলেই নাজানিম?

লভিতা! আমাৰ দেশখন আমাৰ হাতত দিব লাগে। আমাৰ মাটি-বাৰীৰ আমিহে গৰাকী।

ৰূপ। পিছে সিহঁতনো যাব কিয়?

লভিতা। নাযায় দেখিহে গান্ধীয়ে সিহঁতৰ সৈতে যুজখন তৰি লৈছে।

ৰূপ। পিছে বাইটী! আমাৰ মানুহৰ হিলৈ নাই, বন্দুক নাই, উৰা-জাহাজ নাই। সিহঁতৰ সৈতেনো কেনেকৈ যুজ দিব?

 লভিতা।—বহুত পৰ তলক। মাৰি ৰৈ থাকে একো নকয়।)

ৰূপ। সেইবোৰ দেখোন আমাৰ স্বৰাজ্য বিচৰা মানুহবোৰ চৰকাৰে ফাটেক দিছে, লাঠীৰে টঙনিয়াই আৰু বন্দুকেৰে গুলীয়াই মাৰিছে। ক’তা আমাৰ মানুহেনো কিটো কৰিব