পৃষ্ঠা:লভিতা.pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম অঙ্ক-১ম দৰ্শন।
লভিতা
 

−গীত−
সাজু হ, সাজু হ, নৱ যোৱান!
সাজু হ, সাজু হ, নৰ যোৱান!
তই কৰিব লাগিব অগ্নিস্নান।
জীৱন যৌৱন
কৰি প্ৰাণপণ
 ৰাঙলী কৰি দে ৰণাঙ্গণ
জয়-শঙ্খ বজা
পৃথিৱী-কঁপাই
 অত্যাচাৰকো কৰি বৰণ
স্বাধীনতা ধন।  
নতু মৰণ।   
 লোহাৰে শিলেৰে
  বান্ধি ল মন।
বজ্ৰকণ্ঠে বিশ্বক শুনা।
সত্যৰ জয়গান
বুকৰ তেজেৰে বুই দে আজি
ভাৰতৰ অপমান
সাজু হ , সাজু হ, নৱ যোৱান।

(লাহে লাহে গীত গোৱা সমদলৰ মাত তেনেই ওচৰ চাপি আহে। পুনৰ দূৰৈলৈ যায়গৈ।)