পৃষ্ঠা:লভিতা.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
[প্ৰথম অঙ্ক-১ম দৰ্শন]
 

সোণ। ভাল কথা কৈছ। সিদিনা বোলে দুটা জাপানী বোকাখাটত ওলাইছিলহিয়েই।

লভিতা। এৰা অ’! কিনো হয়গৈ কব নোৱাৰি—আমাৰনো কি হব চাগৈ!

হীৰা। যি হব লাগে হব। সেই মান-দেশৰ পৰা অহা ভগনীয়াবোৰৰ দৰে আমিও কোনোবা ধুবুৰীত লেলাই-ধেন্দাই মৰিবগৈ লাগিব।

ৰূপ। মৰিলেতো ভালেই। সেই কলা কলা নিগ্ৰোবোৰ দেখিলেহে ভয় লাগে। এ−−−এ বাইটী। সিদিনা পাঁচোটা নিগ্ৰোৱে আমাৰ গাঁওবুঢ়াৰ জীয়েকক পহু খেদ দিলে নহয়। ভাইগে পুলিচৰ দাৰোগা এজন চাইকেল মাৰি আহিছিল—নহলে ইস্ ইস্ বাইটী! সেইবোৰ ভাবিলে কলিজা-ডোখৰে কাঁও-বাঁও কৰি আহে বাইটী...।

লভিতা (মুখ গহীন আৰু খং প্ৰকাশ কৰি)। বুজিছনে এইবোৰ উৎপাত দেখি কেঁচাইখাতী গোসানী হৈ সিহতৰ হাড়-মূৰ চোবাই পেলাবৰ মন যায়। কি সোণাময় দেশখনত কি ভূত-দানহৰোৰ ওলালহি অ'।

এনেতে দূৰৈৰ পৰা বহু মানুহৰ কণ্ঠেৰে গীত আহে। আটাই কেউজনীয়ে সেইফালে চাবলৈ ধৰে। দূৰৈৰ পৰা কংগ্ৰেছ ভলণ্টিয়াৰৰ দল এটাই গীত গাই গাই সেই ফালে আহি থাকে।