পৃষ্ঠা:লভিতা.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তিনিজনী ধুনীয়া গাভৰু কাষত পিতলৰ কলহ লৈ সোমাই আহি লভিতাৰ আগত খিকখিকাই হাঁহিবলৈ ধৰে।

লভিতা। ঔ আই! আজি দেখোন ৰচকী বাইহঁতৰ হাঁহিৰ ভমক্‌ চৰিল!

(ছোৱালীহঁতে আকৌ খিল্‌খিল্‌কৈ হাঁহে।)

সোণ। চৰিবতো লভিতা বাইটী। তোমাৰ বনগীতৰ সুৰে আমাক জোকাই ভাকুত-কুতাই দিছেগৈ, সেইহে...

(আকৌ গাভৰুকেইজনীয়ে খিল্ খিল্‌কৈ হাঁহে।)

লভিতা। তহঁতৰ ক'ত কুত-কুতালেগৈ অ'? কাষলতিত নেকি?

সোণ। কাষলতিত নহয় বাইটী! কাণৰ লতিতহে।

  (খিকখিককৈ হাঁহে)

লভিতা। কি অ' এই কিজনী কথাই কথাই খিক্‌খিকাই থাকে!

ৰূপ। তুমি আকৌ গোলাপ ককাইটিৰ চিতনি-ভাৱনিত গহীন হৈছা! আমিনো কাৰ চিতনি-ভাৱনিখন কৰিছো যে নাহাঁহি মুখখন এহাত দীঘলকৈ ওলোমাই থম?

(আটাইকেইজনীয়ে আকৌ হাঁহে)

লভিতা। তহঁতৰ সৈতেনো কোনোবাই কথা কাটিব পাৰেনে? তহঁতৰ জিভা নহয়, ডাঢ়ি খুৰুৱা খুৰহে।