পৃষ্ঠা:লভিতা.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
প্ৰথম অঙ্ক-১ম দৰ্শন

 —দূৰণিৰ উটি অহা বনগীত—
 লুইতেদি যাৱ ক'ৰে নাৱৰীয়া
              তই ক'ৰে নাৱৰীয়া ঐ
মানুহে মানুহৰ মৰম নুবুজে
             তেজীমলাহে মই।
লুইতেদি বয় ক'ৰে ৰূপৰ পানী
             কি কথা বুকুতে লই
মনৰে কথা মোৰ মনত মৰহিলে
             তেজীমলাহে মই।

—লভিতাৰ বন-গীত—

মোৰ বাৰীত ফুলিলে  ইন্দ্ৰজিত মালতী
            তোৰ বাৰীত পৰিলে ছাঁ,
তোৰে মনৰ কথা  উটুৱাই আনিলে
            সন্ধিয়াৰ বাউলী বা।
বাউলী বাৰে আউলী চুলি
            কাৰ কথা কৈয়ে
            মাত কু-উ বুলি?
            ৰূপহ কলীয়া কুলি?

 এনেতে দূৰৈত খিল্‌ খিল্‌কৈ ছোৱালীৰ হাঁহি শুনা যায়। লভিতা তভক্‌ মাৰি ৰয়। আকৌ খিল্‌ খিল্‌কৈ হাঁহি সোণ, ৰূপ, হীৰা,