পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৪ মহাপুৰুষ শঙ্কৰদেৱৰ বাণী - বেদ-তাৎপৰ্য জানে যত মহামুনি। এহি চৰণৰ মাত্ৰ কথা থাকে শুনি। অকেসে আশ্ৰয় কৰে আকেসে প্ৰমাণ। এই চৰণৰ মাত্ৰ ধৰে গুণ-নাম।.. কেনমতে পাওঁ আক ইসে মাৰ্থ। আত পৰে জানে অপৰ পুৰুষাৰ্থ। তোমাৰ কটাক্ষে মিলে বহ্মাতে বিঘাত। সত্যলোক পৰ্যন্তে কালৰ নেৰায় হাত। সামান্য প্ৰাণীৰ আৰ কৈবে কিবা কথা। কালসৰ্পে দংশি মাৰে যথা যাই তথা তুমি মোক্ষমূৰ্তিৰেসে চৰণ-সেৱাত। জানো লোকে নিশ্চয় কালৰ এড়ায় হাত ৯ জগত আধাৰ তোমাৰেসে সেৱ। স্বামী। আতপৰে কুশল জানো আৰু আমি। মিছা দেহে গেহে কৰে পৰম আকুল। আক এড়ি তোমাৰ ভজিবো পদ-মূল। তুমিসে স্বৰূপ অন সৱে মায়াপথ। প্ৰাণ-প্ৰভু আমাৰ পূৰিয়ে। মনোৰথ। (দ্বাদশ, ৩৩৩-৩৪ ৩) ২৩। হেপ্ৰভু! কৈত মই বুদ্ধিহীন জন। তোমাৰ মহিমা কৈত দেৱ নাৰায়ণ।