পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


গোহাঞিদেৱ আহিব, আহিলে তেওঁক কি দিম, কি থম, কি কম, কি লম― এইবোৰ ভাবনা আপোনা-আপুনি মোৰ মনত আহে-যায় কিয়? কিয়, ক'ব নোৱাৰোঁ। মোৰ মনটো যেন দুৱাৰ-মেলা উদং ঘৰ। গোহাঞিদেৱৰ ভাবনাই তালৈ আহিছে-গৈছে, সোমাইছে-ওলাইছে, আপোন মনেৰে যি ইচ্ছা তাকে কৰিবলৈ এক্তিয়াৰ পাইছে। মই মাথোন নিলগৰপৰা চাই আছোঁ, চাই চাই চাই ভাল পাইছোঁ, মনে-মনে, প্ৰাণে-প্ৰাণে কিবা এটি ফুটাই ক'ব নোৱাৰা সুখ অনুভৱ কৰিছোঁ!

এই ভাৱেই কেইবাদিনো গ'ল। গোহাঞিদেৱক আমাৰ ঘৰলৈ অনাৰ কথা ওলাবৰ আজি তিনিদিন। এই তিনিটা দিন মোৰ মানত তিনিটা বছৰ পাৰ হ'ল। কিন্তু গোহাঞিদেৱৰ অহা নহল! আহিব কাহানিকৈ তাৰো ঠিক বতৰা নাপালোঁ। নিতৌ আহিব আহিব বুলি আশা পালোঁ, নিতৌ হতাশ হওঁ। পুৱাৰেপৰা আশাত মন ঠন্‌ ধৰি উঠে, আবেলি হলে নিৰাশাত লেৰেলি জঁয় পৰে। ৰাতিটো নাযায়-নুপুয়ায়। এইদৰে তিনি-চাৰিকৈ পাঁচ দিন নাযায় নাযায়কৈ গ'ল, গোহাঞিদেৱৰ অহা নহল। নহা কেইদিন যেনে-তেনেকৈ পাৰ হ'ল; আহিব বোলা আৰু কেইদিন আগলৈ আছে, তাকে ভাবি অন্ত নোপোৱা হলোঁ। ইফালে পলম হোৱাত, নহাৰ আশঙ্কাই তাৰ লগত উৎপাত্‌ লগাইছে। এইদৰেই আৰু দুদিন পাৰ হ'ল।, তথাপি গোহাঞিদেৱ অহাৰ ঠিৰাং বাতৰি পোৱা নগল। মন হতাশাৰ খুন্দাত ক্ৰমাৎ অৱশ হৈ আহিল। বাহিৰৰ আৱ-ভাৱ দেখি, মানুহে মোৰ মনৰ ভিতৰলৈ মন কৰা হ'ল। এনে অৱস্থাত, এদিন দুপৰীয়া এইবোৰ কথাকে গুণি-গাথি পিচচোতালত বহি আছো, এনেতে ৰজাৰ চৰালৈ ওলাই যোৱাৰ সময়ত, দেউতাই লিগিৰাহঁতক এইবুলি দিহা দিয়া শুনিলো, "আজি চাৰু গোহাঞিদেৱ আহিব। তেঁওৰ বয়-বস্তু, আহিলা-পাতি সকলো, দিহা লগাই থবিহঁক। আৰু গোহাঞিদেৱৰ শোৱা-খোৱাৰ বিষয়েও মই দিহা দিয়া