পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কলে, 'নহয়, আইদেউ, তোমাক ভাত খাবলৈ হে মাতিছোঁহি!" পিচে, ভানুৱে অলপ পৰ টলকা মাতি থাকি কলে, "অ ভাত? ভাত খাব লাগে? বাৰু।" এই বুলি তেওঁ আকৌ মালা গাঁথিবলৈ ধৰিলে। চাকুলী বুঢ়ী নিৰুপায় হৈ আকৌ উলটি আহিল। এইদৰে এখনমান তামোল খাবৰপৰা গুণ্‌গুণ্‌কৈ মালা গাঁথি থকাৰ পাচত, চাকুলীয়ে মতাৰ কথা ভানুৰ মনত পৰিল। মনত পৰা মাত্ৰকে ভানু গিৰিপ্‌ কৰে থিয় হল; আৰু, "অ, মই ভাত খাব লাগে, মই গা ধোৱা নাই" এই কেইআষাৰ কথাৰে ভানু পুখুৰীত জাঁপ মাৰি পৰিল! সেই যে পৰিল, ভানু আৰু নুঠিল। তিনিখনমান তামোল খোৱা পৰৰ পাচত চাকুলী আকৌ আহি চায়, ভানু নাই! ভানুক নেদেখিয়েই তাই আতুৰভাৱে চিয়ঁৰ মাৰি দিলে। ঘৰত হুলস্থূল লাগি পৰিল। তাৰ পাচত, ভালেমান পৰ কেইওপিনে বিচাৰি চোৱাৰ ফলৰ দেখা গল, পুখুৰীৰ নিজান চেঁচা পানী বুকুত লৈ, ইমান দিনৰ দুখে-ভাগৰে ভানু চিৰজিৰণিত পৰিল!!

ঘৰত আৰু চবুৰীত হাঁহাকাৰ লাগি উঠিল। চাকুলীয়ে বিননিত গছৰ পাত সৰাব লাগিছে। আন লিগিৰা-লিগিৰী সকলোৱে কান্দনত খলক লগাইছে। কাঞ্চনে ভানুৰ মৃতদেহাৰ ওপৰত উঠি ইনাই-বিনাই কান্দিবলৈ ধৰিছে! চুবুৰীৰ বুঢ়া-মেথা মানুহে মূৰে-কপালে হাত দি হৰি-হৰি কৰিবলৈ ধৰিছে। বাহিৰৰ চিয়ঁৰ-বাখৰ ভিতৰত নৰীয়া দেউতাকৰ কাণত পৰিলগৈ। আৰু, সেই বজ্ৰ শৱদ কাণত পৰা মাত্ৰকে গোহাঞিবৰুৱা ডাঙৰীয়া নৰীয়া-পাটীত স্বৰ্গী হল! ভালেমান পৰৰ পাচত, যেতিয়া ৰজা পৰ্য্যন্ত উপস্থিত হলহি, তেতিয়া হে তেওঁৰ বিচাৰ লোৱা হ'ল। লৰালৰিকৈ কেইজনমান বিষয়াই ভিতৰ সোমাই চায়, মৰাণ-গোহাঞিবৰুৱা ডাঙৰীয়া ইহসংসাৰত আৰু নাই; জীৱনাধিক জীয়েকক অকলৈ পঠিয়াব নোৱাৰি, তেৱোঁ লগতে স্বৰ্গী হল! গোহাঞিবৰুৱাৰ দেহান্তৰ ঘটাত আৰু এক মহা হুলস্থূল লাগি