পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁ অতি গম্ভীৰভাৱে ৰাইজলৈ সাদৰ-সম্ভাষণ জনাই কবলৈ ধৰিলে, “শুনা ৰাইজ! মোকে বোলে ঘাট-মাউৰা৷ তথাপি, এই পৃথিৱীত মোৰ বুলি এৰি যাবলৈ এটি মাথোঁন প্ৰাণী থাকিল, তেওঁ মোৰ প্ৰাণেশ্বৰী ভানুমতী৷ মৰণ চাপিছে বুলি তাত মোৰ অকণো বেজাৰ নাই৷ জন্ম হলেই অৱশ্যে এদিন মৃত্যু আছে৷ এই ঘৰৰ ভিতৰত নৰিয়া পৰি, কিম্বা হিংস্ৰ জন্তুৰ মুখত পৰি নিজানত নুমাব লগা নহল, মোৰ দেহান্তৰ হোৱা আজি অত ৰাইজে দেখিব, ই মোৰ বৰ ভাগ্যৰ ফল৷ কিন্তু, মোৰ দেহান্তৰ ঘটাৰ পূৰ্ব্বে মোৰ দুআষাৰ শেষ কথা কৈ যাওঁ৷ মই কোনো অপৰাধৰ অপৰাধী নহওঁ৷ ৰজাৰ বিচাৰ সম্পূৰ্ণ অন্যায়৷ কিন্তু আৰ্জ্জিলে ফল ভুঞ্জিব লাগে৷ এই কথা সকলোৱে মনত ৰাখিবাঁহঁক৷ এতিয়া সকলোৰে ওচৰত বিদায় হে মাগিলোঁ৷" এই কেইআষাৰ হিয়াত লাগি যোৱা কথা কৈ তেওঁ চাওদাঙ্গৰ ফালে ঘূৰিল৷ চাওদাঙ্গে নিয়ম লগাই বলিশালত ঠিক কৰি লবলৈ ধৰিছে৷ এনেতে, চাৰিওফালে অন্যায় অবিচাৰ অধৰম ইত্যাদি আৰ্ত্তৰাৱ গগন ভেদি উঠিল৷ হঠাৎ প্ৰকৃতিয়ে ভীষণ মূৰ্তি ধৰিবৰ উপক্ৰম কৰিলে৷ আকাশত এচুকেদি এচকলা মেঘ অকলৈ আছিল৷ তাৰেপৰা গিৰ্‌-গিৰ্‌কৈ গাজনি উঠিল৷ গছৰ ডাল এৰি চৰাইবোৰে ৰমলিয়াবলৈ ধৰিলে৷ নিমিষতে অকস্মাৎ ভয়ঙ্কৰ ধুমুহা আহিল৷ ক’লা ডাৱৰে আকাশ ঢাকি পেলালে৷ ধাৰাসাৰে মেঘে বৰষিবলৈ ধৰিলে৷ ঘনে ঘনে কাণ-টাল-মৰা ঢেৰেকনিত মানুহ আছাৰখাই পৰিবলৈ ধৰিলে! স্বাভাৱিক অমঙ্গলৰ চিন্‌ এটা বিৰঙ্গি উঠিল! চাওদাঙ্গৰ হাতৰ পৰা বলিকটা-দা সৰি পৰিল৷ এনেতে, হঠাৎ স্বৰগ পৰি চাৰু গোহাঞিদেৱ থিয়ৈ থিয়ৈ স্বৰ্গী হ’ল! তুলসীৰ লগত কলপটুৱাৰ মুক্তিৰ দৰে চাওদাং দুটাৰো গোহাঞিদেৱৰ লগতে পৱিত্ৰ মৰণ মিলিল৷ উপস্থিত জনমণ্ডলীয়ে জয়ধ্বনিৰে গগন ফালি দিলে৷ এনেতে, ভানু সখীৰে সৈতে ইফালে তৰা আইদেউ বাউলী হৈ উৰি আহিছে৷ দুয়ো মানুহৰ ওপৰেদি উৰি